অমৰ্ত্য সেন
ভাৰতীয় অৰ্থনীতিবিদ / From Wikipedia, the free encyclopedia
অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। ১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন জোৰা সাধনা আৰু গৱেষণাই অৰ্থনীতিৰ প্ৰচলিত ধাৰণাৰে কুঁৱলি ফালি বিশ্বৰ কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন তত্ত্ব দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁৰ এই তত্ত্বত পৃথিৱীৰ দৰিদ্ৰ আৰু দুৰ্ভিক্ষসকলৰ কল্যাণ উন্নয়নৰ সুগম পথৰ সন্ধান পোৱা যায়। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ সন্মান ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁ মহলানবিশ বঁটা, দেশীকোত্তম সন্মান, জিন মায়েৰ গ্ল'বেল চিটিজেনশ্বিপ এৱাৰ্ড, এছিয়াটিক ছ'চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক, এডিনবাৰ্গ পদক, নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ, ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা, ই ৰেংক, ডিউভেলী এগনেলী ইণ্টাৰনেশ্যনেল প্ৰাইজ, আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড আদি সন্মান লাভ কৰিবলৈ সক্ষম হয়।[1]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
অমৰ্ত্য সেন | |
---|---|
ব্যক্তিগত তথ্য | |
জন্ম | ১১ নৱেম্বৰ, ১৯৩৩ (৯০ বছৰ) শান্তিনিকেতন, বেংগল প্ৰেছিডেঞ্চী, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পশ্চিমবংগ, ভাৰত) |
নাগৰিকত্ব | ভাৰতীয় |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | নৱনীতা দেৱ সেন, ইভা ক'লোৰণি, এমা ৰ'থশ্বিল্ড |