অমৃতসৰৰ স্বৰ্ণমন্দিৰ
From Wikipedia, the free encyclopedia
পঞ্জাবৰ সু্প্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণমন্দিৰ৷ স্বৰ্ণমন্দিৰ ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ৷ স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব৷ শিখসকলে গ্ৰন্থখন দেৱ জ্ঞান কৰে৷ স্বৰ্ণ মন্দিৰত পূজাৰ কোনো প্ৰথা নাই৷ গ্ৰন্থ চাহিবৰ অখণ্ড পাঠ চলে মাথোঁ৷ এই মন্দিৰৰ কাষতে আছে স্বৰ্ণ গম্বুজ বিশিষ্ট পাঁচ মহলীয়া আকাল তখত (Akal Takht),অৰ্থাৎ চিৰকালৰ দেৱতাৰ ভৱন৷ ইয়াতে ৰাতি গ্ৰন্থ চাহিব সুৰক্ষিত অৱস্থাত ৰখা হয়৷ তদুপৰি ইয়াত আছে শিখ ধৰ্মগুৰুসকলে ব্যৱহাৰ কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ৷
ক্ষিপ্ৰ তথ্য অমৃতসৰৰ স্বৰ্ণমন্দিৰ ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਸਾਹਿਬ, সাধাৰণ তথ্য ...
অমৃতসৰৰ স্বৰ্ণমন্দিৰ ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਸਾਹਿਬ | |
---|---|
অমৃতসৰৰ স্বৰ্ণমন্দিৰ | |
সাধাৰণ তথ্য | |
চহৰ | অমৃতসৰ, পঞ্জাব |
দেশ | ভাৰত |
স্থানাংক | 31°37′12″N 74°52′37″E |
নিৰ্মাণ আৰম্ভ | December 1581[1] |
সম্পূৰ্ণ | 1589 (Temple), 1604 (with Adi Granth) [1] |
Website | |
Sri Harmandir Sahib (Gurmukhi) |
বন্ধ কৰক