অনুসুয়া
ঋষি অত্ৰীৰ পত্নী / From Wikipedia, the free encyclopedia
অনসূয়া বা অনুসূয়া (সংস্কৃত: अनसूया , অৰ্থ: 'ঈৰ্ষাৰ পৰা মুক্ত') হৈছে প্ৰাচীন কালৰ ঋষি অত্ৰীৰ ধৰ্মপত্নী। ৰামায়ণত অনুসূয়াক চিত্ৰকূট বনৰ দক্ষিণ অংশত নিজৰ পতিৰ সৈতে জুপুৰীত বাস কৰিছিল। তেওঁ এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল আৰু পূজা-পাৰ্বণ তথা তপস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল। যাৰ বাবে তেওঁ ঐশ্বৰিক শক্তিৰ অধিকাৰী হৈ পৰিছিল।
ক্ষিপ্ৰ তথ্য অনুসুয়া, তথ্য ...
অনুসুয়া | |
---|---|
![]() ৰামে অত্ৰীত আশ্ৰম দৰ্শন কৰিব আহিছে। অত্ৰীয়ে ৰাম আৰু লক্ষ্মণৰ সৈতে কথা পাতিছে, আনহাতে অনুসুয়াই সীতাৰ সৈতে কথা পাতিছে। | |
তথ্য | |
দাম্পত্যসঙ্গী | অত্ৰী |
সন্তান | দুৰ্বাসা চন্দ্ৰ দত্তাত্ৰেয় সুভাত্ৰেয়ী |
বন্ধ কৰক
ৰাম আৰু সীতাই বনত থকা সময়ত অনুসূয়াক দেখা কৰিছিল। তেতিয়া অনুসূয়াই দুয়োকে আদৰ যত্ন কৰাৰ লগতে সীতাৰ সৌন্দৰ্য্য অক্ষুণ্ণ ৰাখিবলৈ এবিধ প্ৰসাধনৰ সামগ্ৰী প্ৰদান কৰিছিল।[1] তেওঁ ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ অৱতাৰ দত্তাত্ৰেয়ৰ মাতৃ আছিল। তেওঁ চন্দ্ৰদেৱৰ মানৱীয় অৱতাৰৰ মাতৃ আছিল। তেওঁ ঋষি কৰ্দম আৰু দেৱাহুতিৰ পুত্ৰী আছিল।