From Wikipedia, the free encyclopedia
অজ্ঞাতব্যক্তিভীতি (ইংৰাজী: Xenophobia) হৈছে বাহিৰাৰ বা আচৰিতৰ ভয়।[1][2] অজ্ঞাতব্যক্তিভীতিৰ প্ৰভাৱ গোটৰ ভিতৰৰ মানুহৰ গোটৰ বাহিৰৰ মানুহৰ ওপৰত বা বিষয়ে সম্বন্ধ, বুজন আদিত দেখা যায়। নিজৰ চিনাকি হেৰুৱাৰ ভয়, কৰ্মকাণ্ডৰ ওপৰত সন্দেহ, উগ্ৰতা, আৰু তাৰ উপস্থিতি নাইকিয়া কৰি পূৰ্বতে ধাৰণা কৰি লোৱা পৱিত্ৰতা ৰক্ষা আদি ইয়াৰ অন্তৰ্গত।[3] অজ্ঞাতব্যক্তিভীতিক "আন সংস্কৃতিৰ অসমালোচনামূলক উৎকৰ্ষ"তো দেখা যায়, য'ত কোনো সংস্কৃতিক "অবাস্তৱ, ৰূঢ়িবদ্ধভাৱে ধাৰিত আৰু বিদেশী" আখ্যা দিয়া হয়।[3]
অজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। কাৰণ বহুবাৰ একে ৰাষ্ট্ৰৰ লোক একে বৰ্ণৰ হয়।[4] সেই বাবে, অজ্ঞাতব্যক্তিভীতিক বাহিৰা সংস্কৃতিৰ বিৰোধ বুলি কৈ পৃথক কৰা হয়।[4]
অজ্ঞাতব্যক্তিভীতিক "বহিৰাগতৰ প্ৰতি দকৈ সোমাই থকা ভয়" বা "অচিনৰ ভয়" বুলিব পাৰি।[5] অজ্ঞাতভীতিৰ ইংৰাজী শব্দ জেন'ফবিয়া (xenophobia) আহিছে গ্ৰীক জেনছ (ξένος) অৰ্থাৎ "আচৰিত", "বহিৰাগত" আৰু ফ'ব'ছ (φόβος) অৰ্থাৎ "ভয়"ৰপৰা।
দক্ষিণ আফ্ৰিকাত অজ্ঞাতব্যক্তিভীতি বৰ্ণভেদৰ যুগ আৰু বৰ্ণভেদৰ পাছৰ যুগ, উভয়তে দেখা গৈছে। দ্বিতীয় বুআৰ্ছ যুদ্ধৰ পাছত বুআৰসকল আৰু ব্ৰিটিছসকলৰ মাজৰ সম্বন্ধ অধিক দুৰ্বল হৈ পৰিল। অনেক দুখীয় আফ্ৰিকানাৰে ব্ৰিটিছসকলৰ ব্যৱসায়স্থান আক্ৰমণ কৰিছিল।[6] দক্ষিণ আফ্ৰিকাত তেনে অনেক বিধেয়কো গৃহীত হ'ল, যেনে "ইচ্ছিত নোহোৱা" ইণ্ডিয়ানসকলক বাহিৰ কৰিবলৈ বিকাশ কৰা ১৯১৩ৰ ইমিগ্ৰেণ্টছ ৰেগুলেচন এক্ট অৱ ১৯১৩। টাউঞ্ছিপ ফ্ৰেঞ্চাইচ অৰ্ডিনেন্স অৱ ১৯২৪এ ভাৰতীয়সকলক মিউনিচিপাল ফ্ৰেন্সাইচৰপৰা বঞ্চিত কৰিবলৈ বিকাশ কৰা হৈছিল।[7]
১৯৯৪ আৰু ১৯৯৫ত য়হনেছ্বাৰ্গত বিদেশীসকলৰ ওপৰত আক্ৰমণ চলোৱা হ'ল। দাবী কৰা হ'ল যে আৰক্ষীয়ে বিদেশীক বাহিৰ কৰক।[8] ২০০৮ত একে ঠাইতে পুনৰ তেনে হ'ল।[9][10][11] হাজাৰ হাজাৰ বিদেশীয়ে স্থান ত্যাগ কৰিবলগীয়া হ'ল; সম্পত্তি, বাণিজ্য আৰু ঘৰ লুট কৰা হ'ল।[12] ৫৬জনৰ মৃত্যু হ'ল।[13]
২০১৫ত দক্ষিণ আফ্ৰিকাত জিম্বাবৱেৰপৰা অহা সকলৰ বিৰুদ্ধে পুনৰ অজ্ঞাতব্যক্তিভীতি সম্বন্ধীয় আক্ৰমণ সংঘটিত হ'ল।[14] জুলু ৰজা গুদৱিল জ্বেলিথিনি কভেকুজুলুৱে বিদেশীসকলে "টোপোলা বান্ধি যাবই" কোৱাৰ পাছতেই এনে হ'ল।[15][16] ২০ এপ্ৰিল ২০১৫লৈকে ৭জনৰ মৃত্যু, আৰু ২০০০+ বিদেশী স্থানান্তৰিত হ'ল।[17]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.