From Wikipedia, the free encyclopedia
অগৰা [1] বা জেন্থিয়াম ষ্ট্ৰুমাৰিয়াম (ইংৰাজী: Xanthium strumarium) (সমাৰ্থক X. canadense, X. chinense, X. glabratum, Rough Cocklebur, Clotbur,Common Cocklebur, Large Cocklebur, Woolgarie Bur) (ইংৰাজী: Asteraceae) পৰিয়ালৰ অন্তৰ্গত এক ঔষধি (বাৎসৰিক) উদ্ভিদ। [2] ই সম্ভৱতঃ উত্তৰ আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য স্থানলৈ বিয়পি পৰে।[3][4] এই গছৰ অংশবিশেষে বিষাক্ত আৰু ঔষধি গুণ দুই প্ৰকাৰ আছে। অসমত ব'হাগ মাহত খোৱা এশ শাকৰ ভিতৰত অগৰা আগো অন্যতম। [1]
Xanthium | |
---|---|
Xanthium strumarium | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
উপৰাজ্য: | Tracheobionta |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
উপশ্ৰেণী: | Asteridae |
বৰ্গ: | Asterales |
পৰিয়াল: | Asteraceae (সংস্কৃত অৰিস্থ) |
উপপৰিয়াল: | Asteroideae |
গোত্ৰ: | Heliantheae |
গণ: | Xanthium |
প্ৰজাতি: | Xanthium strumarium |
বৈজ্ঞানিক নাম | |
Xanthium strumarium L., 1753 | |
Subspecies | |
| |
সমাৰ্থক | |
Xanthium orientale |
অগৰা গছডাল প্ৰায় ৩০ - ৪০ ছে.মি. ওখ, ফেৰ মেলা। ই বৰ্ষীয় গছ। পাত একক, একান্তৰ, তলে ওপৰে সামান্য খহতা, লোমক নহয়। পাত বহল, ডিম্বাকাৰ, আয়তাকাৰ, ৮-১২ ছে.মি. দীঘল, ৫-৮ ছে.মি. বহল, কাষটো উঠা বা সভংগ। পুষ্প মঞ্জৰী মুণ্ডক, দ্বিপুস্পক। অৰ্থাৎ এক লিংগবৎ, পুংপুষ্প, স্ত্ৰীপুষ্প বেলেগে বেলেগে একে গছতে ধৰে। পাহি ৫ টা, পুংকেশৰ ৫ ডাল। ফল আয়তাকাৰ, উপবৃত্তাকাৰ, ১-২ ছে.মি. দীঘল, ৭-১২ মি.মি. বহল।[1] ফলটো জীৱ-জন্তুৰ কাপোৰত ইয়াৰ শুংবোৰৰদ্বাৰা লাগি ধৰি এঠাইৰ পৰা অন্য ঠাইলৈ বিস্তাৰিত আৰু তদ্পশ্চাত অংকুৰিত হৈ বংশবৃদ্ধি কৰে। তদুপৰি পানীত দ্বাৰাও ওপঙি ফলৰ বিস্তাৰ হ'ব পাৰে।
অগৰাৰ কোনো কোনো ঔষধি গুণ থাকিব পাৰে বুলি অনুমান কৰা হৈছে।[5] দক্ষিণ এচিয়া, চীন আদিত ইয়াক পাৰম্পৰিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
অগৰা গছৰ পৰা এলাৰ্জি হ'ব পাৰে। ফুলৰ ৰেণু শ্বাস আৰু ছালৰ ৰোগৰ কাৰণ হ'ব পাৰে। গছৰ ওপৰ অংশ আৰু গুটিত hydroquinine, choline, carboxyatratyloside আদি আৰু অন্যান্য বিষাক্ত এলকেলইড থাকে। [1][6] এই গছ জীৱ-জন্তুৱে নাখায়, বহু ক্ষেত্ৰত খাই মৃত্যু মৃত্যু মুখত পৰাও দেখা গৈছে। এক পৰম্পৰাগত চীনা ঔষধ Cang Er Zi Wan(苍耳子丸) খাই ৰোগীয়ে মাংসপেষীৰ অস্থিৰতাত ভোগাৰ নজিৰ আছে। বাংলাদেশতো চিলেটত ২০০৭ চনত খোৱা বস্তুৰ অভাৱত সময়ত স্থানীয়ভাৱে ঘাগৰা শাক বুলি জনাজাত এই গছ খাই মানুহ মৰা বুলি জনা গৈছে। ইয়াক খোৱাৰ পাছত দেখা দিয়া লক্ষণসমূহ আছিল বমি, মানসিক ভ্ৰম, সংজ্ঞাহীনতা আদি। [7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.