অইল ইণ্ডিয়া এফ চি
From Wikipedia, the free encyclopedia
অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।[1]অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ, বদৌচা কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰে। পূৰ্বতে ক্লাবটোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আই-লীগ দ্বিতীয় ডিভিজন আৰু ৰাজ্যৰ প্ৰথম ডিভিজন অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিল। [2]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, প্ৰতিষ্ঠা ...
সম্পূৰ্ণ নাম | অইল ইণ্ডিয়া ফুটবল ক্লাব দুলীয়াজান | ||
---|---|---|---|
প্ৰতিষ্ঠা | ১৯৬৪ চন | ||
খেলপথাৰ | নেহৰু ময়দান, দুলীয়াজান, অসম (আসন: ১০,০০০) | ||
মুখ্য প্ৰশিক্ষক | সুব্ৰত ভট্টাচাৰ্য্য | ||
লীগ | গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ | ||
|
বন্ধ কৰক