![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/NAMA-Aura_Asklepios_temple.jpg/640px-NAMA-Aura_Asklepios_temple.jpg&w=640&q=50)
অ'ৰা (অপেশ্বৰী)
From Wikipedia, the free encyclopedia
গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীত অ'ৰা (গ্ৰীক: Αὔρα, আক্ষৰিক: "বতাহ") বতাহৰ এগৰাকী স বনদেৱী বা অপেশ্বৰী, যাৰ নামৰ অৰ্থ "বতাহ।" [1] ইংৰাজীত বহুবচন ৰূপ, অ'ৰে (গ্ৰীক: Αὔραι) কেতিয়াবা বতাহৰ অপেশ্বৰীৰ এটা দলক বৰ্ণনা কৰা দেখা যায়। প্ৰয়াত প্ৰাচীন কালৰ লেখক ননছৰ মতে অ’ৰা টাইটান লেলাণ্টছৰ কন্যা আৰু ডাইঅ’নিচাছৰ দ্বাৰা ইলিউচিনিয়ান ৰহস্যৰ সৈতে জড়িত উপদেৱতা ইয়াকাছৰ মাতৃ, আনহাতে কুইণ্টাছ স্মিৰ্নেয়াছে অ’ৰেক উত্তৰৰ বায়ু দেৱতা ব’ৰিয়াছৰ কন্যা বুলি কয়।[2] এথেন্সৰ কৌতুকধৰ্মী কবি মেটাজিনেছৰ নাটকৰ শিৰোনাম আছিল অ'ৰে, যি এৰিষ্ট'ফেনিছ, ফ্ৰিনিকাচ আৰু প্লেটোৰ সমসাময়িক আছিল।[3]