![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/98/Olinguito_ZooKeys_324%252C_solo.jpg/640px-Olinguito_ZooKeys_324%252C_solo.jpg&w=640&q=50)
অ'লিংগুইট'
এবিদ স্তন্যপায়ী প্ৰাণী। / From Wikipedia, the free encyclopedia
অ'লিংগুইট' (ইংৰাজী: Olinguito, বৈজ্ঞানিক নাম-Bassaricyon neblina) শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ‘Bassaricyon’ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ স্তন্যপায়ী প্ৰাণী। অ'লিঙ্গোৰ স’তে “ ইটো (-ito)” সংযোগ কৰি ইয়াৰ নামকৰণ কৰা হৈছে। অলিঙ্গো (Olingo) হ’ল ইয়াৰ নিকট সম্পৰ্কীয় এক প্ৰাণী। অ'লিঙ্গোইটো দেখাত ইয়াৰ সৈতে প্ৰায় একে কিন্তু আকাৰত সৰু হোৱা ইয়াৰ অ'লোঙ্গোৰ সৈতে “ ইটো (-ito)” যোগ দিয়া হ'ল , যাৰ স্পেনিচ ভাষাত অৰ্থ হ’ল-সৰু। স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি (Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৱে ২০১৩ চনৰ ১৫ আগষ্টত এই প্ৰাণীবিধৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে। [1]যোৱা ৩৫ বছৰৰ ভিতৰত নতুন বিশ্ব (New World) ত নতুনকৈ আৱিষ্কাৰ হোৱা ইয়েই প্ৰথম মাংসভোজী প্ৰাণী। [2]