সৎনামী
From Wikipedia, the free encyclopedia
সৎনাম ধৰ্মৰ অনুগামী সকলক সৎনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডনৰ মতে সৎৰ অৰ্থ-আত্মা (চেতনা), এই নামৰ অৰ্থ চেতনাৰ গুণ, ঈ-ৰ অৰ্থ শৰীৰ বা সৎ নামক ধাৰণ কৰা আধাৰ। তাৎপৰ্য এইয়ে যে সেই মনুষ্য,যি নিজৰ কৰ্ম বা স্বভাৱত চেতনাৰ গুণক হৃদয়ত সমাৱেশ বা প্ৰৱেশ কৰা সকলক সৎনামী বুলি কোৱা হয়|[1] গুৰু ঘাসীদাস বাবাই সৎনাম ধৰ্ম প্ৰচাৰ কৰিছিল। ১৭৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ছত্তীছগঢ়ৰ গিৰৌদপুৰীত তেখেতৰ জন্ম হৈছিল। তেখেতৰ আগতে ১৫৪৩ খ্ৰীষ্টাব্দত বীৰভানে সৎনামী জাতিক নেতৃত্ব দিছিল। ১৬৭২ চনত সৎনামী সকলে পঞ্জাবৰ নাৰনলত মোগল সম্ৰাট ঔৰংজেৱৰ লগত যুদ্ধ কৰিছিল।[2]
ভাৰতৰ ছত্তীছগঢ়, পঞ্জাব, হাৰিয়ানা, দিল্লী, উৰিষ্যা, অসম আদি ৰাজ্যত সৎনামী লোক বসবাস কৰি আছে। সৎনামীসকল হৈছে অসমৰ এটা উল্লেখযোগ্য জাতি।[3] তেওঁলোক প্ৰধানকৈ কৃষিজীৱী। কিছু সংখ্যক লোকে ব্যৱসায়-বাণিজ্য, চাকৰি আদিত নিয়োজিত হৈ আছে। তেওঁলোকে এজনে আনজনক দেখাৰ লগে লগে জয় সৎনাম, সৎনাম, চাহেব সৎনাম বুলি অভিবাদন জনায়। সৎনামী সকল সৎ, অহিংসা নীতিৰ অধিকাৰী। সৎনাম ধৰ্মাৱলম্বী লোকসকলক সৎনামী বুলি কোৱা হয়।