ৱিকিপিডিয়া:সাধাৰণ দায়লুপ্তি
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়া এখন অনলাইন মুক্ত-সমল সহযোগিতামূলক বিশ্বকোষ। অৰ্থাত্ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱকসকলে মিলিজুলি জ্ঞানৰ ভঁৰাল হিছাপে ইয়াক গঢ়ি তুলিছে। প্ৰকল্পটোৰ গঠনে ইণ্টাৰনেটৰ সুবিধা থকা যিকোনো ব্যক্তিক ইয়াৰ সমল সলনি কৰিবলৈ সুযোগ দিয়ে। মন কৰক যে ইয়াত পোৱা কথাবিলাক বিশেষজ্ঞ ব্যক্তিৰদ্বাৰা পৰীক্ষিত নহ'বও পাৰে, গতিকে তথ্যসমূহ ১০০%ই শুদ্ধ বা সম্পূৰ্ণ বুলি ধৰি লোৱাটো অমূলক।
সাধাৰণ দায়লুপ্তি – সমল দায়লুপ্তি – আইনী দায়লুপ্তি – চিকিৎসা দায়লুপ্তি – বিপদাশঙ্কা দায়লুপ্তি |
তাৰ অৰ্থ এইটো নহয় যে আপুনি ৱিকিপিডিয়াত মূল্যবান আৰু শুদ্ধ তথ্য নাপাবই। তথাপি ৱিকিপিডিয়াই ইয়াত উপলব্ধ তথ্যৰ শুদ্ধতা দাবী কৰিব নোৱাৰে। কোনোটো প্ৰবন্ধৰ সমল সেই বিষয়বস্তু সম্পৰ্কে জ্ঞান নথকা বা সেই তথ্যৰ লগত সন্মত নোহোৱা ব্যক্তি এজনে আহি সলাই দিব পাৰে বা খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে অন্যান্য প্ৰায় সকলো বিশ্বকোষ আৰু প্ৰসংগ-কৰ্মৰ একেধৰণৰ দায়লুপ্তি চনদ আছে।