দুৰ্গা
হিন্দু ধৰ্মৰ এগৰাকী দেৱী / From Wikipedia, the free encyclopedia
আই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়ে; শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়। ঋগ্ বেদত দুৰ্গাদেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুৰ্গাদেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। ইয়াৰ উপৰিও কেণুপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে; ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী। এই সমূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ'ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি। তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা পূব ভাৰতৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।
দুৰ্গা | |
---|---|
মহিষাসুৰমৰ্দিনী-দুৰ্গা, কালীঘাট পটচিত্ৰ, ১৮৮০ | |
দেৱনাগৰী | दुर्गा |
গোত্ৰ | মহাশক্তি |
অধিষ্ঠান | কৈলাস |
মন্ত্ৰ | ওঁ দুৰ্গে দুৰ্গে ৰক্ষণি স্বাহা |
অস্ত্ৰ | ত্ৰিশূল, খড়্গ, চক্ৰ, বাণ, শক্তি, ঢাল, ধনু, ঘণ্টা, পৰশু, নাগপাশ ইত্যাদি। |
দাম্পত্যসঙ্গী | শিৱ |
বাহন | সিংহ |