দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা
আঞ্চলিক আন্তঃচৰকাৰী আৰু ভূ-ৰাজনৈতিক সংগঠন / From Wikipedia, the free encyclopedia
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক)(ইংৰাজী: South Asian Association for Regional Cooperation) হৈছে দক্ষিণ এচিয়াত অৱস্থিত আঠখন সদস্য ৰাষ্ট্ৰৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন।[4] ছাৰ্কৰ সচিবালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত।[5]মুঠ ঘৰুৱা উৎপাদনৰ (তুলনামুলক ক্ৰয় ক্ষমতা) লেখেৰে বিশ্বত ছাৰ্ক দেশসমূহৰ সন্মিলিত অৰ্থনীতিৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন গণৰাজ্যৰ পিছতে, অৰ্থাৎ ৩য়। ছাৰ্ক দেশসমূহৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ২১% (প্ৰায় ১.৭ বিলিয়ন) হোৱাৰ বিপৰীতে ই মুঠ ভূমিভাগৰ ৩% হে অধিকাৰ কৰি আছে। ভাৰতে ইয়াৰে ৭০% জনসংখ্যা তথা ভূমি অধিকাৰ কৰি আছে। ২০০৫-০৬ বৰ্ষত ছাৰ্কৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল ৮.৮%। কিন্তু ছাৰ্কৰ অৰ্থনীতিৰ প্ৰায় ৮০% গঠন কৰা ভাৰতীয় অৰ্থনীতিৰ লেহেমিয়া গতিৰ বাবে ২০১১ চনত ই ৬.৫% লৈ হ্ৰাস পায়।
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক) South Asia Association for Regional Cooperation (SAARC)
| |
---|---|
সদস্যপদ | |
Directors: আফগানিস্তান |
মঃ ইব্ৰাহীম ঘাফুৰি[1] |
বাংলাদেশ | এম জে এইচ জাবেদ[2] |
ভূটান | এচ দৰ্জী[3] |
দক্ষিণ এচিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সহযোগিতাৰ কথা ১৯৮০ চনতে উত্থাপিত হৈছিল আৰু ১৯৮৫ চনৰ ৮ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বৈঠকত ভাৰত, মালদ্বীপ, বাংলাদেশ, ভূটান, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা চৰকাৰ সন্মিলিত হৈ ছাৰ্কৰ প্ৰতিষ্ঠা কৰে।[6][7] ইয়াৰ পিছত আফগানিস্তানো ছাৰ্ক দেশসমূহত অন্তৰ্ভুক্ত হয় আৰু নিৰীক্ষণকাৰী দেশসমূহৰ সৈতে ছাৰ্কে ব্যাপ্তি লাভ কৰে।[8][6]
ছাৰ্কৰ নীতিসমূহৰ লক্ষ্য হৈছে কল্যাণকামী অৰ্থনীতি, দক্ষিণ এচিয়াৰ দেশসমূহৰ সামূহিক স্বনিৰ্ভৰশীলতা আৰু উক্ত অঞ্চলটোত সামাজিক-সাংস্কৃতিক উন্নয়ন।[9] ইউৰোপিয়ান ইউনিয়ন, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুজাতিক সংস্থাসমূহৰ সৈতে নিগাজী সম্পৰ্ক স্থাপনৰ যোগেদি ছাৰ্কে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰখনত নিজকে ক্ৰমাগতভাৱে জড়িত কৰি যায়।[9]