চতুৰাৰ্য সত্য
From Wikipedia, the free encyclopedia
বৌদ্ধ ধৰ্মত চতুৰাৰ্য সত্য (সংস্কৃত: catvāri āryasatyāni; পালি: cattāri ariyasaccāni) হ'ল "আৰ্যসকলৰ সত্য" বা "আধ্যাত্মিকভাৱে যোগ্যসকলৰ সত্য"।[1][web 1] এই চাৰি সত্য হ'ল:
- দুঃখ সংসাৰৰ এটি স্বাভাৱিক গুণ।[web 2][2][3]
- সমুদায়: দুঃখৰ কাৰণ টান (পালি ভাষাত তন্হা, হেঁপাহ, ইচ্ছা আদি)।[web 3][4][5] ই দুঃখৰ কাৰণেই নহয়, আমাক দুঃখৰ সৈতে বান্ধি ৰখা কাৰকো হ'ব পাৰে, বা দুঃখৰ পৰা মুক্তিৰ প্ৰচেষ্টাৰ ফলো হ'ব পাৰে।[6]
- নিৰোধ: দুঃখ শেষ কৰিবলৈ টান কমাব লাগিব,[7][8][9] বা বাধিত কৰিব লাগিব।[6]
- মাগ্গ: অষ্টাংগিক আৰ্য মাৰ্গেৰে (পালি ভাষাত আৰিয় অট্ঠাংগিকা মাগ্গ) টান আৰু দুঃখক সীমিত কৰিব পৰা যায়।[10][11][12]