ৰে'ম্ব্ৰেণ্ট
From Wikipedia, the free encyclopedia
ৰে'ম্ব্ৰেণ্ট হাৰ্মেচুন ভন ৰে'ইন (ওলন্দাজ: [ˈrɛmbrɑnt ˈɦɑrmə(n)soːn vɑn ˈrɛin] ( শুনক); ১৫ জুলাই ১৬০৬[1] – ৪ অক্টোবৰ ১৬৬৯) এজন ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ (etcher) আছিল। তেওঁক সাধাৰণতে ইউৰোপীয় কলাৰ অন্যতম মহান আৰু ডাচ্চ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চিত্ৰকৰ আৰু প্ৰিণ্টমে'কাৰ হিচাপে গণ্য কৰা হয়।[2] কলা জগতকৈ তেওঁৰ অৱদানসমূহ এনে এক অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বৰ সময়ত আহিছিল যাক ইতিহাসবিদসকলে ডাচ্চ সোণালী যুগ বোলে। ডাচ্চ সোণালী যুগ চিত্ৰকলা সমগ্ৰ ইউৰোপত প্ৰচলিত বেৰ'ক শৈলীতকৈ বহু পৃথক হ'লেও জনপ্ৰিয় আছিল আৰু ই চিত্ৰকলাত ন ন শ্ৰেণীৰ সৃষ্টি কৰে।
ৰে'ম্ব্ৰেণ্ট ভন ৰে'ইন (Rembrandt van Rijn) | |
---|---|
Self-Portrait with Beret and Turned-Up Collar (১৬৫৯), National Gallery of Art, ৱাশ্বিংটন ডি চি | |
নাম | ৰে'ম্ব্ৰেণ্ট হাৰ্মেচুন ভন ৰে'ইন (Rembrant Harmenszoon van Rijn) |
জন্ম | ১৫ জুলাই, ১৬০৬[1] লে'ইডেন, ডাচ্চ গণৰাজ্য (এতিয়া নেডাৰলেণ্ড্ছ) |
মৃত্যু | ৪ অক্টোবৰ, ১৬৬৯ (৬৩ বছৰ) আম্ষ্টাৰডাম, ডাচ্চ গণৰাজ্য (এতিয়া নেডাৰলেণ্ড্ছ) |
দেশ | ডাচ্চ |
পেচা | চিত্ৰকলা, প্ৰিণ্টনিৰ্মাণ (Printmaking) |
বিপ্লৱ | ডাচ্চ সোণালী যুগ বেৰ'ক |
কৰ্মৰাজী | The Anatomy Lesson of Dr. Nicolaes Tulp, ১৬৩২ Belshazzar's Feast (Rembrandt) |
যুৱকালত এজন পৰ্ট্ৰেইট চিত্ৰকাৰ হিচাপে সফলতা লভিলেও ৰে'ম্ব্ৰেণ্টৰ শেষ জীৱন শোক আৰু ধনৰ অভাৱেৰে জৰ্জড়িত আছিল। তথাপিও তেওঁৰ চিত্ৰ আৰু নক্সাসমূহৰ জনপ্ৰিয়তাই শিল্পী ৰূপে তেওঁৰ সন্মান অক্ষত ৰাখিছিল।[3] বিছ বছৰ জুৰি তেওঁ বহু কেইজন ডাচ্চ চিত্ৰকাৰক শিক্ষা প্ৰদান কৰিছিল।[4] ৰে'ম্ব্ৰেণ্টৰ সৰ্বোত্তম সৃষ্টিশীল সফলতাসমূহ আছিল তেওঁৰ সমসাময়িকসকলৰ প্ৰতিকৃতি, আত্ম-প্ৰতিকৃতি আৰু বাইবেলৰ ঘটনাৱলীৰ অংকন। তেওঁৰ আত্ম-প্ৰতিকৃতিসমূহে এক অসাধাৰণ আৰু আপোন জীৱনীৰ ৰূপ দাঙি ধৰে য'ত শিল্পীজনে কোনো গৌৰৱ নোহোৱাকৈ সততাৰে নিজকে পৰ্যবেক্ষণ কৰিছিল।[2]
তেওঁৰ চিত্ৰ আৰু প্ৰিণ্টসমূহত তেওঁ দ্ৰুপদী আইক'ন'গ্ৰাফীৰ জ্ঞানৰ সাক্ষৰ পোৱা যায়। এইবোৰ তেওঁ নিজৰ অভিজ্ঞতাৰ প্ৰয়োজনীতা পূৰাবলৈ সালসলনি কৰিছিল। যেনে বাইবেলৰ এটা দৃশ্য অংকনৰ ক্ষেত্ৰত নিৰ্দিষ্ট পাঠ্য সম্পৰ্কে তেওঁৰ জ্ঞান, দ্ৰুপদী ৰচনাৰ সমীভৱন আৰু আম্ষ্টাৰডামৰ ইহুদী জনতাৰ পৰ্যবেক্ষণ ব্যৱহাৰ হৈছিল।[5] মানুহৰ অৱস্থাৰ প্ৰতি তেওঁৰ সহানুভূতিৰ বাবে তেওঁক "সভ্যতাৰ এজন অন্যতম মহান অগ্ৰদূত" বোলা হয়।[6]