ৰমজান
From Wikipedia, the free encyclopedia
ৰমজান (আৰবী: رمضان ৰমাদ্বান, [ভিন্ন ৰূপ]) হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস ছিয়াম পালন কৰি থাকে।[1] ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্ত তৃতীয়তম। ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।[2][3][4] এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ ওপৰত ছিয়াম(ৰোজা) পালন ফৰজ, কিন্তু অসুস্থ, গৰ্ভৱতী, ডায়বেটিক ৰোগী, ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰত সেয়া শিথিল কৰা হৈছে। ৰোজা বা ছিয়াম হ'ল ছুবেহ ছাদিকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰ পানাহাৰ, পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা গুনাহ(পাপ) কাম আৰু (স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত) যৌনসংগমৰ পৰা বিৰত থকা। এই মাহত মুছলিমসকল অধিক ইবাদত কৰি থাকে, কাৰণ অন্য মাহৰ তুলনাত এই মাহত ইবাদতৰ ছওয়াব(পুণ্য) বহুগুণে বঢ়াই দিয়া হয়। এই মাহৰ শ্ববে কদৰ(ৰমজানৰ ২৭ দিনৰ ৰাতি) নামৰ ৰাতিত কোৰআন অৱতীৰ্ণ হৈছিল বুলি কোৰআনত উল্লেখ আছে, যি ৰাতিক আল্লাহএ কোৰআনতেই হাজাৰ মাহতকৈ উত্তম বুলি কৈছে। এই ৰাতি ইবাদত কৰিলে হাজাৰ মাহৰ ইবাদততকৈও অধিক ছওয়াব (পুণ্য) পোৱা যায়। ৰমজান মাহৰ শেষৰ দিন শ্বাওয়াল মাহৰ জোন দেখা গলে শ্বাওয়াল মাহৰ ১ তাৰিখে মুছলিমসকলে ঈদ-উল- ফিতৰ পালন কৰে, যিটো মুছলিমসকলৰ দুটা প্ৰধান ধৰ্মীয় উৎসৱৰ মাজত এটা।