হিন্দুধৰ্মত নাৰী
হিন্দু ধৰ্মৰ বিভিন্ন গ্ৰন্থসমূহত নাৰীৰ স্থান / From Wikipedia, the free encyclopedia
নাৰীৰ স্থিতি সম্পৰ্কত শাস্ত্ৰকে আদি কৰি হিন্দুধৰ্মৰ বিভিন্ন গ্ৰন্থত পৰস্পৰ সামঞ্জস্য নথকা দৃষ্টিভংগী পোৱা যায়। ইয়াৰে কোনো গ্ৰন্থত নাৰীক সৰ্বোচ্চ নেতৃত্বৰ স্থান দিয়াৰ বিপৰীত অন্য কিছু গ্ৰন্থত লিংগৰ ভিত্তিত ব্যক্তিৰ ভূমিকাৰ সীমাবদ্ধতাৰ বিষয়ে কোৱা হৈছে। ঋকবেদৰ দেৱী সূক্তত নাৰীশক্তিক সকলো পদাৰ্থ আৰু সংজ্ঞাৰ সৃষ্টিকাৰী, চিৰন্তন আৰু অসীম, আধ্যাত্মিক আৰু অভিজ্ঞতামূলক বাস্তৱতা অৰ্থাৎ ব্ৰহ্ম, সকলোৰে আত্মা তথা ব্ৰহ্মাণ্ডৰ সাৰ বুলি কোৱা হৈছে। [1][2] কিছুসংখ্যক হিন্দু উপনিষদ, শাস্ত্ৰ আৰু পুৰাণ, বিশেষকৈ দেৱী উপনিষদ, দেৱী মাহাত্ম্য আৰু দেৱী-ভাগৱত পুৰাণৰ মতে নাৰীক সৰ্বশক্তিমান বুলি চিহ্নিত কৰা হৈছে। [3][4][5]
প্ৰাচীন আৰু মধ্যযুগীয় হিন্দু পাঠ্যসমূহে হিন্দুধৰ্মত নাৰীৰ কৰ্তব্য আৰু অধিকাৰৰ এক বিস্তৃত ছবি দাঙি ধৰিছে। এই পাঠ্যসমূহত আঠ প্ৰকাৰৰ বিবাহক চিহ্নিত কৰা হৈছে আৰু ই ব্ৰহ্ম-বিবাহ অৰ্থাৎ নিজ পিতৃয়ে কন্যাৰ বাবে উপযুক্ত বৰৰ সন্ধান কৰি কন্যাৰ সন্মতি বিচৰাৰ পৰা আৰম্ভ হৈ গন্ধৰ্ব-বিবাহ অৰ্থাৎ বৰ-কন্যাই অভিভাৱকৰ হস্তক্ষেপ নোহোৱাকৈ পৰস্পৰে পৰস্পৰৰ সন্ধান পোৱাত শেষ হৈছে।[6][7] পণ্ডিতসকলে কয় যে বৈদিক যুগৰ হিন্দু গ্ৰন্থ আৰু প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতলৈ অহা পৰিভ্ৰমণকাৰীসকলে এৰি যোৱা নথিসমূহৰ পৰা এই কথা ঠাৱৰ কৰিব পাৰি যে প্ৰাচীন ভাৰতীয় হিন্দু সমাজে যৌতুক বা সতীদাহ প্ৰথাৰ অনুশীলন কৰা নাছিল।[8][9] এই প্ৰথাসমূহে ভাৰতৰ সামাজিক তথা ৰাজনৈতিক দৃশ্যপটৰ পৰিৱৰ্তনৰ সৈতে খ্ৰীষ্টিয় দ্বিতীয় সহস্ৰাব্দৰ পৰাহে প্ৰসাৰ লাভ কৰে।[10][11] ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে হিন্দু সমাজত নাৰী হিচাপে ৰূদ্ৰমা দেৱীৰ দৰে শাসক, আণ্ডালৰ দৰে ধৰ্মীয় ব্যক্তিত্ব, মৈত্ৰেয়ীৰ দৰে দাৰ্শনিক আৰু বৈদিক হিন্দু পৰম্পৰাসমূহৰ মহিলা অনুশীলনকাৰী বা সংবহনকাৰীৰ উদাহৰণ আছে।[12][13]
এডৱিন ব্ৰিয়াণ্টৰ মতে, বিশ্বৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত হিন্দুধৰ্মতেই দৈৱিক নাৰীৰ আটাইতকৈ শক্তিশালী উপস্থিতি দেখা যায়।[14] শাক্ত আৰু শৈৱ পৰম্পৰাত দেৱীকেই কেন্দ্ৰ বুলি গণ্য কৰা হয়।[15][16] মাতৃপ্ৰধান সমাজৰ ধাৰণাটো সংস্কৃত পৰম্পৰা আৰু গ্ৰাম্য হিন্দুধৰ্মৰ শক্তিপূজাৰ সৈতে জড়িত আৰু হিন্দুধৰ্মত বহুসংখ্যক মাতৃপ্ৰধান সমাজৰ উপস্থিতি দেখা পোৱা যায়।[13]