হাতী
From Wikipedia, the free encyclopedia
হাতী (ইংৰাজী: Asian or Asiatic elephant, বৈজ্ঞানিক নাম-Elephas maximus) এলিফাছ (Elephas)গোত্ৰৰ একমাত্ৰ জীৱিত প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ পশ্চিমেভাৰতৰ পৰা পূবেবৰ্ণিঅ'লৈকে বিস্তৃতি হৈ আছে।[1] এছিয়' হাতী এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ ভূমিত বাস কৰা জন্তুৰ প্ৰজাতি।[4]
ক্ষিপ্ৰ তথ্য সংৰক্ষণ স্থিতি, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
হাতী (Asian elephant)[1] জীৱাশ্ম কাল: Late Pliocene – recent[2] | |
---|---|
A male Asian elephant in the wild at Bandipur National Park in India | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Proboscidea |
পৰিয়াল: | Elephantidae |
গণ: | Elephas |
প্ৰজাতি: | E. maximus |
বৈজ্ঞানিক নাম | |
Elephas maximus Linnaeus, 1758 | |
হাতীৰ বিতৰণ (brown — native, black — origin uncertain) |
বন্ধ কৰক
১৯৮৬ চনৰ পৰাই হাতীক আই. ইউ. চি এন ৰ ৰেড ডাটা বুকত সংকটাপন্ন বুলি স্বীকৃতি দিয়া হৈছে। যোৱা তিনিটা দশত ইয়াৰ জনসংখ্যা প্ৰায় ৫০% হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ স্থিতিৰ প্ৰতি প্ৰধান ভাবুকিবোৰ হৈছে-বনাঞ্চল ধ্বংস, মানুহৰ সৈতে সংঘাত ইত্যাদি।[3] ২০০৩ চনৰ তথ্য অনুসৰি বিশ্বত ইয়াৰ জনসংখ্যা প্ৰায় ৪১,৪১০-৫২,৩৪৫ টা।[5]