হাজং সকলৰ জন্ম মৃত্যু সম্পৰ্কীয় ক্ৰিয়া কৰ্ম
From Wikipedia, the free encyclopedia
জন্ম সম্পৰ্কীয় আচাৰ: এগৰাকী মহিলাই গৰ্ভধাৰণ কৰাৰ পৰা সন্তান প্ৰসৱ পৰ্যন্ত ১০ মাহ ১০দিন বৰ কষ্টেৰে দিনবোৰ অতিবাহিত কৰিবলগীয়া হয় যদিও এটি সুসন্তান জন্ম দিয়াৰ পিছত যথেষ্ট উৎফল্লিত হোৱা দেখা যায়। হাজংসমাজত এগৰাকী নাৰীয়ে এটি সন্তান জন্ম দিওঁতে কিছুমান নীতি নিয়ম থকা পৰিলক্ষিত হয়। সন্তান জন্ম দিবৰ বাবে প্ৰসৱৰ কিছুদিনমানৰ পূৰ্বে প্ৰসূতিৰ কাৰণে চোতালত এটি সুকীয়া অস্থায়ী খেৰৰ চালি অথবা ঘৰ সাজি দিয়া হয়। হাজং ভাষাত ইয়াক 'ছোৱা ঘৰ 'বা ' জাতক ঘৰ 'বুলি কোৱা হয়। সন্তান জন্ম হোৱাৰ সময় চমু চাপি অহাৰ লগে লগে প্ৰসূতি সেই ঘৰত থাকিব লাগে। প্ৰসূতি সন্তান জন্ম হোৱাৰ কথা গম পোৱাৰ লগে লগে কাষতে থকা বুঢ়ী অথবা বৃদ্ধা মহিলা এগৰাকী বা দুগৰাকী মাতি অনা হয়। তেওঁলোকক ধাত্ৰী বা ধাই মা বুলি কোৱা হয়। ধাত্ৰী বা ধাই মা সকলে ৰাতি অথবা দিনত মাতিলেও কদাপি অগ্ৰাহ্য নকৰে। প্ৰসূতি কোন সময়ত সন্তান প্ৰসৱ হ'ব ধাত্ৰীসকলে তাইৰ গাত হাত দিয়াৰ লগে লগে বুজি পায়। যদিহে সন্তান জন্ম দিবলৈ অধিক সময় লয় তেন্তে তেওঁলোকৰ বিশ্বাস মতে কবিৰাজ বা ওজাৰ পৰা গিলাছ এটাত মন্ত্ৰপুত অলপ পানী অৰ্থাৎ জলপুৰা লৈ অনা হয়। এই জলপুৰা খোৱা লগে লগে শিশু জন্ম হোৱা দেখা যায়। ই এক সঁচাকৈ বিশ্বাসযোগ্য। অধিকসংখ্যক হাজং লোক সকলে পূৰ্বৰ পৰাই নিজ গৃহতে ধাত্ৰীৰ সহযোগত সন্তান প্ৰসৱ কৰি আহিছে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ। ধাত্ৰীসকলেও পূৰ্বৰে পৰা এই কাম কৰি আহি আহি এইক্ষেত্ৰত যথেষ্ট কাৰ্যদক্ষ বুলি কব পাৰি। গৰ্ভধাৰণ তিৰোতাই প্ৰসৱবেদনাত ছটফটাই থাকিলেও প্ৰসৱৰ সময়কালীন পৰ্যন্ত ধাত্ৰীসকলে বহি থাকে আৰু নিজৰ কাম কৰি যিকোনো প্ৰকাৰে তেওঁলোকে সন্তান প্ৰসৱ কৰোৱাত কাৰ্যক্ষম হোৱা পৰিলক্ষিত হয়। সন্তান জন্ম হোৱাৰ পিছত যদিহে সন্তানটি কন্দা কটা নকৰে অথবা কৰিব নোৱাৰে তেতিয়া লগে লগে বাঁহৰ চুঙাৰে কাণত ফুহ দিয়ে আৰু শিশুটি কান্দিবলৈ আৰম্ভ কৰে। তেতিয়া পৰিয়ালৰ চিন্তা কিছু দুৰ হয়। সাম্প্ৰতিক পৰিৱেশৰ সৈতে খাপ খুৱাই অথবা খেৰৰ অভাৱত ' জাতক ঘৰ ' বা 'ছোৱা ঘৰ ' সাজি লোৱা নহয়। ঘৰৰ ভিতৰতে এটা পৃথক কোঠা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। জন্ম হোৱা শিশুটিৰ নাড়ী বাঁহৰ চোঁচনীৰে অথবা ব্লেডেৰে কাটি কেঁচা সূতাৰে বান্ধি ৰাখে,আৰু সেই কটা নাড়ী মাটিত লাহেকৈ পুতি থব লাগে। এনেদৰে ধাত্ৰীসকলে নিপুণতাৰে সুসন্তান এটি জন্ম কৰাব পাৰে। এটা কথা মন কৰিবলগীয়া যে, গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ সময় হৈছে অথচ পেটৰ বিষ অনুভৱ কৰা নাই, তেন্তে গাঁৱলীয়া চিকিৎসকৰ দ্বাৰা বিষৰ বেজি দিয়াৰ কিছু সময়ৰ পিছতে বিষ অনুভৱ কৰে আৰু ধাত্ৰীসকলে হাতে - কামে লাগি প্ৰসৱ কৰাবলৈ কাৰ্যক্ষম হোৱা পৰিলক্ষিত হয়। শিশুটি জন্ম হোৱা কিছু সময়ৰ পিছত কুহুমীয়া গৰম পানীৰে গোটেই শৰীৰৰটো ধাত্ৰীসকলে ভালদৰে ধুই দিয়ে আৰু বাহিৰত কিছু সময়ৰ বাবে কোলাত লৈ থাকে। ওচৰ-চুবুৰীয়া মানুহখিনি চাবলৈ আহে জন্ম হোৱা শিশুটি ল'ৰানে ছোৱালী আৰু ভগৱানৰ কৃপাত ভালে কুশলে হ'লনে নাই। অৱশ্যে সম্প্ৰতি সুবিধা অনুযায়ী গৰ্ভধাৰণ মহিলাক সন্তান প্ৰসৱ কৰাবলৈ ওচৰতে থকা উপস্বাস্থ্য কেন্দ্ৰলৈ বা চিকিৎসালয়লৈ আশা বাইদেউৰ পূৰ্ণসহযোগত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত চিকিৎসকজনে অতি সহজে গৰ্ভধাৰণ মহিলাই কষ্ট অনুভৱ নকৰাকৈ সাধাৰণ(normal)অথবা scissoring(চিজৰিং)কৰি সন্তান প্ৰসৱ কৰোৱা পৰিলক্ষিত হয়। তেওঁলোকৰ নীতি - নিয়ম মতে সন্তান জন্ম হ'লে চূত হৈ থাকে পাচ সাতদিনলৈ। এই চূত আতৰ কৰিবলৈ জাত্কৰ্ম কৰিব লাগে। জাত্কৰ্ম নকৰা পৰ্যন্ত তেওঁলোকৰ ঘৰত মাক আৰু শিশুটিক চাবলৈ যোৱা লোকসকলে সিহঁতৰ ঘৰত কোনো খোৱা খাদ্য নাখায়। আৰু ঘৰত আহি ভালদৰে গা-পা ধোৱে। চূত আতৰাবলৈ ল'ৰা সন্তান হ'লে ৭/৯দিন আৰু ছোৱালী সন্তান হ'লে ৫ দিনৰ দিনা সমস্ত ঘৰ দুৱাৰ লেপি-মচি পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ নাপিতৰ দ্বাৰা ঘৰৰ সকলো পুৰুষ সদস্যই ডাঢ়ি-চুলি খুৰাব লাগে আৰু মহিলাসকলে নখ কাটিব লাগে, এই সমস্ত কাৰ্য্য হৈ যোৱাৰ পিছত নৱ জাতক শিশুটিৰ চুলি অথবা মূৰ খুৰোৱা সময়ত কলগছৰ আগলি পাত(চকপাতা),বন্তি আদি জ্বলাই ৰাখিব লাগে। শিশুটিক মাকে লৈ থকা অৱস্থাত শিশুটিৰ চুলি খুৰাই দিয়ে আৰু চুলিখিনি কলপাতত মেৰিয়াই পেলাব লাগে। নাপিতৰ দ্বাৰা কৰিব লগীয়া সমস্ত কাম শেষ কৰাৰ পিছত ব্ৰাহ্মণৰ দ্বাৰা মন্ত্ৰপুত পানী বা শান্তি পানী আনি ঘৰৰ সকলো কোঠাত ছটিয়াই দিয়াৰ লগতে ঘৰৰ সকলো সদস্যই সেই পানী সেৱন কৰিলেহে তেওঁলোকৰ চূত নাইকিয়া হয়। সন্তান জন্মৰ বাৰ আৰু শনিবাৰ, মঙ্গলবাৰ অৰ্থাৎ খৰকবাৰ আদিক বাদ দি বাকী যিকোনো বাৰে এইখিনি কৰিব পাৰে। এই সকলোখিনি কৰাৰ বিনিময়ত নাপিতক কিছু পৰিমাণে টকা- পইচা,চাউল, আলু,বেঙেনা, নিমখ, তামোল-পাণ আৰু হালধি পাৰিলে কেঁচা হালধি ইত্যাদি সামগ্ৰীৰ উপৰিও কনো কোনো লোকে গামোচা এটিও দিয়া পৰিলক্ষিত হয় যাতে শিশুটি ভালে কুশলে থাকে। এইখিনি কৰাৰ পিছত আকৌ ১(এমাহ)পিছতো খট কামানি বা চুলি খুৰোৱা নিয়ম থকাও দেখা যায়। কিছুদিনৰ পিছত কষ্ট কৰাৰ বিনিময়ত মহানুভৱতাৰে ধাত্ৰীসকলক গৃহস্থই তেওঁলোকৰ ঘৰত নিমন্ত্ৰণ কৰি আনি এসাঁজ প্ৰীতিভোজ দিয়াৰ লগতে পৰিধান কৰিবৰ বাবে বস্ত্ৰ দান কৰে। এনেদৰে তেওঁলোকৰ জাতক চূতৰ কাম-কাজবোৰ সুচাৰুভাৱে সমাপন কৰে।
এই প্ৰবন্ধটো হাজং জনগোষ্ঠী নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
মৃত্যু সম্পৰ্কীয় আচাৰ: হিন্দু শাস্ত্ৰমতে মানুহ মৃত্যুৰ পিছত শৱদহন কৰিব লাগে। হাজংলোক সকল হিন্দু ধৰ্মাৱলম্বীলোক। হাজংসমাজৰ পৰিয়ালত কোনো লোকৰ মৃত্যু হ'লে শৱটোক সসন্মানে শৱদহন কৰে। কিন্তু বিশেষ অসুবিধা হ'লে আৰু সৰু ল'ৰা-ছোৱালীৰ মৃতদেহ মাটিত পুতি থোৱা নীতি-নিয়ম থকা পৰিলক্ষিত হয়। কোনো এজন ব্যক্তি যদি বহু দিন ধৰি বেমাৰত ভোগী আছে শেষ নিশ্বাস ত্যাগ কৰা নাই। তেন্তে গৃহস্থই দুই তিনিজন ওচৰৰ বৃদ্ধ বৃদ্ধা মাতি আনি চাকি বন্তি, ধূপধূনা দিয়ে আৰু কোনো কোনোৱে ধৰ্মীয় শাস্ত্ৰও পঢ়ি শুনায়। এনে কৰিলে ভাগ্যৱান লোকে কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰা পৰিলক্ষিত হয়। ই তেওঁলোকৰ মতে লোকবিশ্বাস। মানুহ এজন মৰাৰ পিছতে ঘৰৰ মানুহে গাঁৱৰ মানুহক ঘৰে ঘৰে গৈ খবৰ দি মাতি অনা হয়। মৃতদেহটোক দুই চাৰিজনে প্ৰথমে চোতালত উলিয়ায়। পিছত পুত্ৰ সকলে ভালদৰে মাহ হালধিৰে গা-পা ধুৱাই তেল সানি ধূপ-ধূনা দি সেৱা কৰি নশ্বৰ দেহ টোক চিৰ বিদায় দিয়ে। সেইদিনা ঘৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। নশ্বৰ দেহটো কান্ধত উঠাই শ্মশানলৈ লৈ যাবৰ বাবে বাঁহেৰে এটি জখলা সাজি উলিয়ায়। উল্লেখ্য--মৃতদেহটোক শ্মশানলৈ লৈ নোযোৱা পৰ্যন্ত গিয়াতি সমাজ, ওচৰ-চুবুৰিয়াই খোৱা -বোৱা,ৰন্ধা-বঢ়া নিষেধ। আৰু পূৰ্বৰ ৰন্ধা-বঢ়া খাদ্য থাকিলেও পেলাই দিয়ে। কাৰণ মৃতদেহটো শ্মশানলৈ লৈ নোযোৱা পৰ্যন্ত গোটেই গিয়াতি সমাজেই চূত হোৱা বুলি ধৰি লোৱা হয়। শ্মশান যাত্ৰীসকলে প্ৰতিজনে হাতত দা-কুৰ আদি লগত লৈ যায় আৰু বিধি অনুসৰি মৃতদেহটো দাহনকাৰ্য্য কৰে। মৃত ব্যক্তিয়ে পূৰ্বৰ পৰা ব্যৱহাৰ কৰি অহা সমস্ত সা-সামগ্ৰী তেওঁৰ বুলি লগত দি শ্মশানস্থলীত জ্বলাই দিব লাগে। শ্মশানস্থলীতপুত্ৰসকলে গা-পা ধুই বগা কাপোৰ অৰ্থাৎ মাৰখেন আৰু শৰীৰত ঢৰা (এটুকুৰা বগা কাপোৰ আৰু এটি জালৰ গুলী) আদি পৰিধান কৰি মৃতদেহটোক মুখাগ্নি কৰি পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ উভতি আহে। আৰু যদিহে কোনোবা পুত্ৰই সেইদিনা অনুপস্থিত তেন্তে তেওঁৰ কাৰণেও মাৰখেন আৰু ঢৰা সি আহি নোপোৱা পৰ্যন্ত সযতনে ৰাখি দিয়ে। শ্মশান যাত্ৰীসকলে শ্মশানৰ কাৰ্য শেষ কৰি গা-পা ধুই পৰিষ্কাৰ হৈহে নিজ নিজ ঘৰলৈ আহে। সেইদিনা পৰিয়ালৰলোকে লঘোনে থাকে। দ্বিতীয় দিনা ফল-মূল আৰু 'খুই হবিচ' তৃতীয় দিনা 'ভাত হবিচ' (সবিষান্ন) মাটিৰ পাত্ৰত এমুঠি ভাত সিজাই খোৱা নিয়ম। 'খুই হবিচ' আৰু 'ভাত হবিচ' কৰা সময়ত চৰাই - চিৰিকটিৰ মাত শুনাৰ নিষিদ্ধ। সাক্ষী হিচাপে ওচৰৰ সম্পৰ্কীয় এগৰাকী দুগৰাকী ব্যক্তি কাষত বহি থাকে। বহি থকা ব্যক্তি সকলে হবিচ কৰাৰ সময়ত চৰাই চিৰিকটিৰ মাত শুনি পোৱাৰ লগে লগে সেই নিয়ম ভংগ হোৱা পৰিলক্ষিত হয়। 'ভাত হবিচ' ৰ কাৰণে ভাত ৰান্ধিবলৈ জিগা গছৰ ডাল কাটিহে তিনিটা খুটি হিচাপে ব্যৱহাৰ কৰি চৌকা সাজি উলিওৱা হয়। মৃতদেহ কাঠ-সংস্কাৰ কৰা সময়ত ধান খেৰৰ পৰা পকাই পকাই প্ৰস্তুত কৰি উলিওৱা বিনিভোটাত জুই জ্বলাই সেই জুইত মৰাপাটৰ খুৰিৰে মুখাগ্নি কৰা দেখা যায়। জ্বলি থকা বিনিভোটা গৃহস্থৰ ঘৰলৈ আনিব লাগে আৰু শ্ৰাদ্ধ শেষ নোহোৱা পৰ্যন্ত একেৰাহে জ্বলাই ৰাখিব লাগে। মাতৃ বা পিতৃ মৰিলে তেওঁৰ শুৱা কোঠাত পুত্ৰ সকলে ১১ দিন পৰ্যন্ত ৰাতি শুব লাগে। ৰাতি শুৱাৰ সময়ত ভয় খাব পাৰে বুলি ঘৰৰ সকলো সদস্য একেলগে যাপন কৰে। শৰাধ নপতা পৰ্যন্ত কোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য সেৱন আৰু আমিষ ভোজন নিষিদ্ধ। পুত্ৰ অথবা ঢৰা পিন্ধা ব্যক্তিসকলে ভাত খাবলৈ কলপাত, পানী আৰু চাহ বা জুলীয়া বস্তু খাবলৈ বাঁহৰ চুঙা বহিবৰ বাবে বস্তা আদি ব্যৱহাৰ কৰিব লাগে। পিন্ধবৰ কাৰণে কাঠ সংস্কাৰ কৰাৰ দিনা পৰিধান কৰা মাৰখেন বা বগা পাতল কাপোৰ বাহিৰে আন কাপোৰ, ভৰিত চেণ্ডেল,লোহ জাতীয় সামগ্ৰী ইত্যাদি ইত্যাদি ব্যৱহাৰ কৰা নিষেধ। মৃত্যু হোৱা দিনাখন বাহিৰত অৰ্থাৎ চোতালত কিছু সময়ৰ বাবে মৃতদেহটো ৰখা স্থানত ঘূৰণীয়াকৈ বাঁহৰ কামিৰে পাতলকৈ বেৰ দি বন্ধ কৰি ৰখা হয় আৰু সেই ঠাইত প্ৰতিদিন গা -পা ধুই পুত্ৰ সকলে পিন্ধা কাপোৰৰ পানী চেপি দিব লাগে। এনে কৰিলে হেনো মৃতদেহৰ বুকু শীতল হৈ থাকে ই লোকবিশ্বাস। ঘৰৰ লোক সকলে ভাত আৰু আন বস্তু খোৱাৰ পূৰ্বে কলগছৰ বাকলিৰে দোঙা সাজি মৃতকৰ নামত উক্ত স্থানত খোৱা খাদ্য উছৰ্গা কৰিব লাগে স সম্নানে ৰাতিপুৱা আৰু আবেলি। এনেদৰে ১১দিন উছৰ্গা কৰি ১২দিনত ৰাতিপুৱা নিৰামিষ আহাৰ খাই ঘৰ দুৱাৰ লেপি-মচি পৰিষ্কাৰ কৰিব লাগে। সমস্ত সা- সামগ্ৰী ক্ৰমে- উছৰ্গা কৰা একগোট কৰি ৰখা দোঙা,বিনিভোটা হবিচ কৰিবৰ বাবে অনা মাটিৰ পাত্ৰ আদিকে ধৰি বস্তাত ভৰাই মৃতকৰ সৈতে যোৱা শ্মশান যাত্ৰী অথবা 'মাৰাকাতা' লোকসকলে চুলি -ডাঢ়ি কটাৰ পিছত ব্ৰাহ্মণ আৰু নাপিতৰ সৈতে একেলগে ওচৰৰ নৈত বা জলাশয়ৰ ওচৰত গৈ বস্তাত ভৰোৱা সমস্ত সা সামগ্ৰী পানীত উটোৱাই দি নাপিতে মৃতকৰ পুত্ৰক মূৰ খুৰাই অথবা মুণ্ডন কৰি দিয়াৰ পিছত ব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰা পুত্ৰই মৃতকৰ প্ৰেতাত্মাৰ উদ্দেশ্য পূজা এভাগ দিয়া আদিকে কৰি সমস্ত কাম শেষ কৰাৰ অৱশেষত সকলোৱে গা - পা ধুই উভতি আহে। মূৰ খুৰুৱা কাৰ্যক 'ঘাট কামানী' বুলি কোৱা হয়। আনহাতে কোনো কোনোৱে দহ দিনৰ দিনা চুলি খুৰাই এঘাৰ দিনৰ দিনা শৰাধ অনুষ্ঠিত কৰে। ' ঘাট কামানী' কাৰ্যৰ শেষত ব্ৰাহ্মণে দিয়া শান্তিপানী ঘৰৰ ভিতৰত ছটিয়াই দিয়াৰ লগতে পৰিয়ালৰ সকলোৱে সেৱন কৰে আৰু লগত যোৱা লোকসকলেও এই পানী সেৱন কৰে। তেওঁলোকক কাষৰ আত্মীয়ৰ ঘৰত চাহ জলপান খাবলৈ দিয়ে। পিছদিনা শৰাধ। শৰাধৰ দিনা অধিকাৰী বা ব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰা শৰাধ কৰ্ম কৰে। শ্ৰাদ্ধ পতাৰ কিছু দিনৰ পূৰ্বৰ পৰাই গাঁৱৰ লোকসকলে গৃহস্থক বিভিন্ন কামত সহায় আগবঢ়ায়। ক্ৰমে - ৰভা সজা,খৰি কটা, চকী-মেজ যোগাৰ কৰা ইত্যাদি। শ্ৰাদ্ধৰ দিনাও পুনৰ ঘৰ দুৱাৰ লেপি- মচি পৰিষ্কাৰ কৰি ব্ৰাহ্মণৰ দ্বাৰা দিয়া শান্তিপানী সেৱন কৰাৰ লগতে ঘৰৰ ভিতৰে বাহিৰে ছটিয়াই দিব লাগে। আবেলি গাঁৱৰ গিয়াতি সমাজৰ দ্বাৰা নাম কীৰ্ত্তন কৰি আত্মীয়-স্বজন,ৰাইজক এসাঁজ আমিষ প্ৰীতিভোজৰ আয়োজন কৰে। নিৰামিষ ভাঙিবৰ কাৰণে মাছৰ ব্যৱস্থা কৰা হয়। মূল শ্ৰাদ্ধ কৰাৰ পিছত কিছুমানে এমাহৰ অন্তত অথবা বছৰৰ শেষত বছৰেকীয়া শ্ৰাদ্ধ কৰে। এনেকৈ নিজ পিতৃ বা অথবা মাতৃৰ মৃত্যুৰ পিছত কৰিব লগীয়া কৰ্তব্য পালন কৰে। সৰু লৰা -ছোৱালী ঢুকালে তিনিদিনৰ দিনা অথবা তেৰাতি পাৰ কৰি শ্ৰাদ্ধ কৰে। আনহাতে মাকৰ গৰ্ভত সন্তানৰ মৃত্যু হলে তেৰ দিনৰ দিনা শ্ৰাদ্ধ কৰে আৰু কোনো কোনোৱে ত্ৰিশ (এমাহ) দিনৰ পিছতো শ্ৰাদ্ধ কৰি চূত আতৰায়। কোনোবা আত্মীয় - স্বজন মৃত্যু হলে তিনিদিনৰ পিছত অথবা তেৰাতি আৰু একেবাৰে ওচৰৰ সম্পৰ্কীয় হলে ১৩(তেৰ ) দিনৰ দিনা নীতি নিয়ম কৰি শ্ৰাদ্ধৰ আয়োজন কৰে। এই শ্ৰাদ্ধত ওচৰৰ চাৰি পাঁচজন আৰু সৰু লৰা -ছোৱালীক আমিষ প্ৰীতিভোজৰ আয়োজন কৰা পৰিলক্ষিত হয়। এনেদৰে হাজং সকলে নিজা নীতি নিয়মৰ মাজেৰে শ্ৰাদ্ধৰ কাম সমাপন কৰে।