স্ত্ৰীৰোগ বিজ্ঞান
From Wikipedia, the free encyclopedia
স্ত্ৰীৰোগ বিজ্ঞান (ইংৰাজী: Gynaecology/Gynecology) হৈছে চিকিৎসা বিজ্ঞানৰ এক ক্ষেত্ৰ য'ত স্ত্ৰীৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত সমস্যা সম্পৰ্কে অধ্যয়ন, আলোচনা তথা ৰোগৰ চিকিৎসা কৰা হয়। ইয়াৰ বিপৰীতে এণ্ড্ৰ'লজি হৈছে গাইনিক'লজিৰ সমকক্ষ ক্ষেত্ৰ য'ত পুৰুষৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত সমস্যা সম্পৰ্কে অধ্যয়ন, আলোচনা ইত্যাদি কৰা হয়। সাম্প্ৰতিক সময়ত প্ৰায় সকলো আধুনিক স্ত্ৰীৰোগ বিশেষজ্ঞই একো একোজন প্ৰসৱতত্ত্ববিদো। বেছিভাগ ক্ষেত্ৰতে স্ত্ৰীৰোগ বিজ্ঞান আৰু প্ৰসৱতত্ত্বৰ বিশেষত্বৰ মাজত অভাৰলেপ হোৱা দেখা যায়। গ্ৰীক শব্দ গাইনি (gyne, অৰ্থাৎ স্ত্ৰী) আৰু ল'জিয়া (logia, অৰ্থাৎ অধ্যয়ন) শব্দৰ পৰাই গাইনিক'লজি শব্দটোৰ উৎপত্তি হৈছে। আক্ষৰিক অৰ্থত গাইনিক'লজিৰ অৰ্থ হৈছে "স্ত্ৰীৰ বিজ্ঞান"।[1]
ক্ষিপ্ৰ তথ্য প্ৰণালী, উপবিভাগ ...
স্ত্ৰী প্ৰজনন তন্ত্ৰৰ এক আৰ্হিত এটা যোনিয় স্পেকুলাম (যোনি পৰীক্ষা কৰিবলৈ ব্যৱহৃত এক সঁজুলি) | |
প্ৰণালী | স্ত্ৰী প্ৰজনন তন্ত্ৰ |
---|---|
উপবিভাগ | অনক'লজি, মেটাৰনেল মেডিচিন, মেটাৰনেল-ফেটাল মেডিচিন |
গুৰুত্বপূৰ্ণ ৰোগ | গাইনিক'লজিকেল কেন্সাৰ, অনুৰ্বৰতা, ডিছমেন'ৰিয়া |
গুৰুত্বপূৰ্ণ পৰীক্ষা | লেপাৰ'স্ক'পি |
বিশেষজ্ঞ | গাইনিক'লজিষ্ট |
বন্ধ কৰক