সংবহন তন্ত্ৰ
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো প্ৰাণীৰ অংগ তন্ত্ৰৰ বিষয়ে। উদ্ভিদৰ পুষ্টিৰ পৰিবহণৰ বাবে সংবহন কলা চাওক।
সংবহন তন্ত্ৰ (ইংৰাজী: Circulatory System) হৈছে একপ্ৰকাৰৰ অংগ তন্ত্ৰ। এই তন্ত্ৰৰ প্ৰধান কাম হৈছে তেজৰ সহায়ত শৰীৰৰ বিভিন্ন দেহ কোষৰ মাজত পুষ্টি দ্ৰব্য (যেনে এমিন' এছিড আৰু শৰ্কৰা), অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, হৰমন, আৰু ৰক্ত কোষৰ আদান-প্ৰদান কৰা তথা অলাগতীয়াল দ্ৰব্য সমুহ কোষৰ পৰা ঘূৰাই অনা। ইয়াৰ ফলত শৰীৰে পুষ্টি লাভ কৰে, ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু দেহৰ উষ্ণতা তথা pHৰ মান নিয়ন্ত্ৰিত হৈ থাকে।
ক্ষিপ্ৰ তথ্য সংবহন তন্ত্ৰ, সবিশেষ ...
সংবহন তন্ত্ৰ | |
---|---|
মানুহৰ সংবহন তন্ত্ৰ (সৰলীকৃত)। ৰঙা ৰঙে ধমনীয়ে কঢ়িওৱা অক্সিজেনযুক্ত তেজ আৰু নীলা ৰঙে সিৰাই কঢ়িওৱা কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ বুজাইছে। সিৰা আৰু ধমনীক সংযুক্ত কৰা কেপিলাৰী আৰু লসিকা তন্ত্ৰ ইয়াত দেখুওৱা হোৱা নাই। | |
সবিশেষ | |
চিনাক্তকাৰক | |
লেটিন | ছিষ্টেমা কাৰ্ডিঅ'ভাছক'লেৰা |
MeSH | D002319 |
TA98 | A12.0.00.000 |
TA2 | 3891 |
FMA | 7161 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
সংবহন তন্ত্ৰত প্ৰায়ে ৰক্ত পৰিবহণ তন্ত্ৰ আৰু লসিকা তন্ত্ৰ নামৰ দুটা পৃথক তন্ত্ৰ দেখা পোৱা যায়। ৰক্ত পৰিবহণ তন্ত্ৰত তেজ আৰু লসিকা তন্ত্ৰত লসিকা চলাচল কৰে।[1]