লোক-সংগীত
From Wikipedia, the free encyclopedia
লোক-সংগীত (ইংৰাজী: Folk music) হৈছে পৰম্পৰাগত লোক-সংগীত আৰু বিংশ শতিকাৰ লোক পুনৰুজ্জীৱনৰ সময়ত পূৰ্বৰ পৰা বিকশিত হোৱা সমসাময়িক ধাৰাটোক সামৰি লোৱা এটা সংগীত ধাৰা। কিছুমান লোক-সংগীতৰ প্ৰকাৰক বিশ্ব সংগীত বুলি ক’ব পাৰি। পৰম্পৰাগত লোক-সংগীতক কেইবাটাও ধৰণে সংজ্ঞায়িত কৰা হৈছে: মৌখিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হোৱা সংগীত, অজ্ঞাত সুৰকাৰৰ দ্বাৰা সৃষ্ট সংগীত, পৰম্পৰাগত বাদ্যযন্ত্ৰত বজোৱা সংগীত, সাংস্কৃতিক বা জাতীয় পৰিচয়সূচক সংগীত, প্ৰজন্মৰ মাজত পৰিৱৰ্তিত সংগীত (লোক প্ৰক্ৰিয়া), কোনো জনগোষ্ঠীৰ লোককথাৰ সৈতে জড়িত সংগীত, বা দীৰ্ঘ সময়ৰ বাবে প্ৰথাগতভাৱে পৰিবেশন কৰা সংগীত। লোক-সংগীতক বাণিজ্যিক আৰু ধ্ৰুপদী শৈলীৰ সৈতে পৃথক বুলি গণ্য কৰা হয়। লোক-সংগীত শব্দটোৰ উৎপত্তি উনবিংশ শতিকাত হৈছিল যদিও লোক-সংগীত ইয়াতেই সীমাবদ্ধ নহয়।
লোক-সংগীত | |
---|---|
লোক-সংগীত পৰিবেশন | |
বাদ্যযন্ত্ৰ | লোক-বাদ্য |
অন্য বিষয় |
বিংশ শতিকাৰ মাজভাগৰ পৰা পৰম্পৰাগত লোক-সংগীতৰ পৰা জনপ্ৰিয় লোক-সংগীতৰ এক নতুন ৰূপৰ বিকাশ ঘটা আৰম্ভ কৰিছিল। এই প্ৰক্ৰিয়া আৰু সময়ছোৱাক (দ্বিতীয়) লোক পুনৰুজ্জীৱন বুলি কোৱা হয় আৰু ই ১৯৬০ চনত শিখৰত উপনীত হয়। এই সংগীতৰ ৰূপটোক পূৰ্বৰ লোক-সংগীতৰ পৰা পৃথক কৰিবলৈ কেতিয়াবা সমসাময়িক লোক-সংগীত বা লোক পুনৰুজ্জীৱন সংগীত বুলিও কোৱা হয়।[1] পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত এনে সৰু সৰু, একেধৰণৰ পুনৰুজ্জীৱন ঘটিছে যদিও সেই পুনৰুজ্জীৱনৰ সময়ত সৃষ্টি হোৱা নতুন সংগীতৰ ক্ষেত্ৰত লোক-সংগীত শব্দটো সাধাৰণতে প্ৰয়োগ কৰা হোৱা নাই। এই ধৰণৰ লোক-সংগীতত ফক ৰক (folk rock), ফক মেটেল (folk metal), আৰু অন্যান্য সংমিশ্ৰিত ধাৰাও (fusion genre) অন্তৰ্ভুক্ত কৰা হয়। সমসাময়িক লোক-সংগীত সাধাৰণতে পৰম্পৰাগত লোক-সংগীতৰ পৰা পৃথক এটা ধাৰা যদিও আমেৰিকান ইংৰাজীত ইয়াৰ নাম একে, আৰু ইয়াক প্ৰায়ে পৰম্পৰাগত লোক-সংগীতৰ সৈতে একে পৰিবেশকে আৰু একে স্থানত পৰিবেশন কৰে।