লোকচিকিৎসা
আনুষ্ঠানিক লোক চিকিৎসা / From Wikipedia, the free encyclopedia
লোকচিকিৎসা বা পৰম্পৰাগত চিকিৎসা (ইংৰাজী: Folk medicine বা Ethnomedicime)ত পৰম্পৰাগত জ্ঞানৰ চিকিৎসাগত দিশবোৰ অন্তৰ্ভুক্ত থাকে যি সমূহ আধুনিক ঔষধৰ যুগৰ আগতে বিভিন্ন সমাজৰ লোক বিশ্বাসৰ মাজত প্ৰজন্মজুৰি বিকশিত হৈছিল। লোকচিকিৎসা বুলিলে ৰোগ সম্পৰ্কিত সকলো বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণা তথা ৰোগ নিৰাময় আৰু আৰোগ্য বা প্ৰতিকাৰৰ অৰ্থে গ্ৰহণ কৰা বিবিধ ব্যৱস্থা আৰু দ্ৰব্যৰ সমস্ত দিশ সামৰি লোৱা হয়।
লোক-চিকিৎসা বিধিৰ পোনপটীয়াভাৱে আধুনিক চিকিৎসা বিজ্ঞানৰ ধ্যান ধাৰণাৰ সৈতে সম্পৰ্ক নাই; ই পৰম্পৰাগত বা থলুৱা চিকিৎসা। মানৱ জীৱন আৰু সমাজৰ আৰম্ভণিৰেপৰা মানুহে নিজৰ আৰু পোহনীয়া জীৱ জন্তুৰ ৰোগ নিৰায়মৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল আৰু এইদৰে লোক ঔষধ বা লোক চিকিৎসা আৰম্ভ হৈছিল। প্ৰত্যেক মানৱ সমাজতে বিভিন্ন ব্যাধিৰ চিকিৎসাৰ বাবে বিভিন্ন প্ৰকাৰৰ উপায় অবলম্বন কৰি আহিছে। এনেদৰে নিজ নিজ ধৰণে সমাজ ভেদে একোটা চিকিৎসা পদ্ধতি ঠন ধৰি উঠে।
বিংশ শতিকাৰ আৰম্ভণিতে নৃতত্ত্ববিদসকলে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সমাজ আৰু সংস্কৃতি সম্বন্ধে তথ্য সংগ্ৰহ কৰি ফুৰোঁতে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত এইধৰণৰ লোক-চিকিৎসাr কথা পোহৰলৈ আহে। প্ৰখ্যাত ইংৰাজ চিকিৎসক আৰু নৃতত্ত্ববিদ W.H.R Rivers এ ১৯২৮ চনতে পোন প্ৰথমে পৰম্পৰাগত চিকিৎসাৰ বিষয়ে চিন্তা-চৰ্চা কৰে। ৰিভাৰ্চৰ মতে পৰম্পৰাগত চিকিৎসা পদ্ধতিও আন আন সামাজিক নিয়মৰ দৰে যুক্তিসংগত আচৰণ। তেওঁলোকে এই কথাও জানিব পাৰিছিল যে আদিম চিকিৎসা পদ্ধতিৰ লগত অকল সাধাৰণ চিকিৎসা পদ্ধতিয়ে জড়িত নাথাকে তাৰ লগত ধৰ্ম আৰু যাদুবিদ্যাও অংগাংগীভাৱে জড়িত থাকে।[1]
বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত ঔষধক "বিভিন্ন সংস্কৃতিৰ থলুৱা তত্ত্ব, বিশ্বাস আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত জ্ঞান, দক্ষতা আৰু অনুশীলনৰ মুঠ যোগফল" বুলি সংজ্ঞায়িত কৰে। স্বাস্থ্য ৰক্ষণাবেক্ষণৰ লগতে শাৰীৰিক আৰু মানসিক ৰোগ প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, স্বাস্থ্যৰ উন্নতি বা চিকিৎসাত এই চিকিৎসা পদ্ধতিৰ ব্যৱহাৰ কৰা হয়।[2] পৰম্পৰাগত ঔষধ প্ৰায়ে বৈজ্ঞানিক ঔষধৰ বিপৰীত।[2]
কিছুমান এছিয়ান আৰু আফ্ৰিকান দেশত, জনসংখ্যাৰ ৮০% পৰ্যন্ত লোকে তেওঁলোকৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। পৰম্পৰাগত ঔষধক প্ৰায়ে এক প্ৰকাৰৰ বৈকল্পিক ঔষধ বুলি গণ্য কৰা হয়।
বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰিছে যে "পৰম্পৰাগত ঔষধ বা পদ্ধতিৰ অনুপযুক্ত ব্যৱহাৰে নেতিবাচক বা বিপদজনক প্ৰভাৱ পেলাব পাৰে" আৰু পৰম্পৰাগত ঔষধ প্ৰণালীৰ দ্বাৰা ব্যৱহৃত এনে পদ্ধতি আৰু ঔষধি উদ্ভিদৰ কাৰ্যকাৰীতা আৰু সুৰক্ষা নিৰ্ণয় কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।[2] ইয়াৰ ফলস্বৰূপে, বিশ্ব স্বাস্থ্য সংস্থাই সদস্য ৰাষ্ট্ৰসমূহক সক্ৰিয় নীতি বিকশিত কৰাত আৰু কাৰ্য পৰিকল্পনা ৰূপায়ণত সহায় কৰিবলৈ ন বছৰীয়া ৰণনীতি ৰূপায়ণ কৰিছে যি জনসাধাৰণক স্বাস্থ্যৱান কৰি ৰখাত পৰম্পৰাগত ঔষধৰ ভূমিকা শক্তিশালী কৰিব।[3]