যকৃৎ
From Wikipedia, the free encyclopedia
যকৃৎ (ইংৰাজী: liver) হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ।[2] মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছদাৰ তলফালে পেটৰ সোঁকাষৰ ওপৰ অংশত থাকে। যকৃতৰ বহু কাৰ্য আছে, বহু দেহজ ক্ৰিয়াৰ বিষ প্ৰশমন, প্ৰ'টিন সংশ্লেষণ, পাচনৰ বাবে প্ৰয়োজনীয় জৈৱৰসায়নৰ উৎপাদন কৰে।[3]
যকৃৎ | |
---|---|
মানুহৰ যকৃৎ | |
সবিশেষ | |
প্ৰিকাৰ্ছৰ | Foregut |
তন্ত্ৰ | পাচন তন্ত্ৰ |
ধমনী | হেপাটিক সিৰা |
সিৰা | হেপাটিক ধমনী আৰু হেপাটিক পৰ্টেল ধমনী |
স্নায়ু | চিলিয়াক গেংগলিয়া আৰু ভেগাছ স্নায়ু[1] |
চিনাক্তকাৰক | |
লেটিন | Jecur, iecur |
গ্ৰীক | হেপাৰ (ἧπαρ) মূল হেপাত- (ἡπατ-) |
MeSH | D008099 |
TA98 | A05.8.01.001 |
TA2 | 3023 |
FMA | 7197 |
দেহতাত্ত্বিক পৰিভাষা |
প্ৰকৃততে যকৃৎ এটা গ্ৰন্থি, ই গ্লাইক'জেন সংৰক্ষণ নিয়ন্ত্ৰণ, লোহিত ৰক্ত কোষৰ পচন, প্লাজমা প্ৰ'টিনৰ সংশ্লেষণ, হৰম'ন উৎপাদন, আৰু বিষক্ৰিয়া প্ৰশমনকে ধৰি অসংখ্য কাৰ্যৰ দ্বাৰা মানৱ শৰীৰৰ মেটাবলিজিমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[3] ই এটা সহকাৰী পাচন গ্ৰন্থি আৰু ই লিপিডৰ বিভংগন ঘটাই পাচন কাৰ্যত সহায় কৰা এক প্ৰকাৰৰ ক্ষাৰকীয় যৌগ, পাচক ৰসৰ উৎপাদন কৰে। যকৃতৰ থিক তলতেই থকা এটা ক্ষুদ্ৰ থলী পিত্তস্থলীত, যকৃতত প্ৰস্তুত হোৱা ৰস সংৰক্ষিত হৈ থাকে।[4] অধিকতৰ হেপাট'চাইটেৰে গঠিত যকৃতৰ বিশেষ কলাই, গৰিষ্টসংখ্যক সাধাৰণ জৈৱিক কাৰ্যৰ বাবে প্ৰয়োজনীয় বৃহৎ আকাৰৰ জৈৱৰাসায়নিক বিক্ৰিয়াবোৰ, ক্ষুদ্ৰ আৰু জটিল কণাবোৰৰ সংশ্লেষণ আৰু বিভংগন নিয়ন্ত্ৰণ কৰে।[5] অংগটোৰ মুঠ কাৰ্যৰ ভিন্নতা পৰিলক্ষিত হয়, কিন্তু পাঠ্যপুথিৰ মতে ই প্ৰায় ৫০০টা মান ভিন্ন কাৰ্য কৰে।[6]
যকৃতৰ লগত জড়িক পৰিভাষাত গ্ৰীক শব্দ হেপাৰৰ আৰ্হিত হেপাৰ- বা হেপাট- ৰে আৰম্ভ হোৱা শব্দ ব্যৱহাৰ কৰা হয়।[7][8]
বৰ্তমান যকৃতৰ অবিহনে কাৰ্য কৰিব পৰা কোনো দীৰ্ঘ ম্যাদী ব্যৱস্থা নাই, কিন্তু লিভাৰ ডাইলাইছিছ নামৰ প্ৰদ্ধতি ব্যৱহাৰ কৰি কিছু দিনলৈ সকাহ পাব পাৰি।[9] যকৃৎ বিকল হ'লে কেৱল আৰু একমাত্ৰ উপায়টো হৈছে যকৃৎ প্ৰতিষ্ঠাপন।