মুখমৈথুন
From Wikipedia, the free encyclopedia
মুখকাম বা মুখমৈথুন, যাক কেতিয়াবা মুখসংগম বুলিও কোৱা হয়, হৈছে এনে এক যৌন কাৰ্য্য য'ত এজন ব্যক্তিয়ে মুখগহ্বৰ (ওঁঠ, জিভা, দাঁত) ব্যৱহাৰ কৰি আন এজনৰ যৌনাংগক উদ্দীপিত কৰে ৷ [1] যদি মহিলাৰ যোনি উদ্দীপিত হয়, তেন্তে ইয়াক যোনি-মুখমৈথুন আৰু যেতিয়া পুৰুষৰ লিংগ উদ্দীপিত হয় তেতিয়া ইয়াক শিশ্ন-মুখমৈথুন বোলা হয়। ইয়াৰ উপৰিও যদি মুখগহ্বৰৰ জৰিয়তে মানুহৰ শৰীৰৰ আন অংশক উদ্দীপিত কৰা হয়, তেন্তে ইয়াক মৌখিক যৌন সম্পৰ্ক বুলিও গণ্য কৰা হ’ব, যেনে মলদ্বাৰৰ মৌখিক উদ্দীপনাক পায়ুমৈথুন বুলি কোৱা হয়, স্তন, নাভি, উৰু আদিৰ ক্ষেত্ৰতো মুখমৈথুন হিচাপে ধৰা হয়।