মানুহৰ কংকাল
From Wikipedia, the free encyclopedia
মানুহৰ কংকাল (ইংৰাজী: human skeleton)জন্মৰ সময়ত মুঠতে ৩০০ ডাল হাড়েৰে গঠিত৷[1][2][3] পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল (axial skeleton) আৰু এপেণ্ডিকুলাৰ কংকাল (appendicular skeleton)৷ অক্ষীয় কংকাল মূলত: মানুহৰ ৰাজহাড় বা মেৰুদণ্ড(vertebral column), কামিহাড় (rib cage) আৰু লাওখোলা (skull) ৰে গঠিত৷ এপেণ্ডিকুলাৰ কংকাল অক্ষীয় কংকালৰ সৈতে সংযোজিত হৈ থাকে আৰু ই প্ৰধানকৈ 'pectoral girdle', 'pelvic girdle' আৰু upper আৰু lower limb ৰ হাড়েৰে গঠিত৷
মানুহৰ কংকালে ঘাইকৈ ছটা মূল কাৰ্য্য সমাধা কৰে; অৱলম্বন (support), চলাচল (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷
মানুহৰ কংকালটোত লিংগভেদে অন্য প্ৰাইমেট সমূহত দেখা পোৱাৰ দৰে উল্লেখযোগ্য পাৰ্থক্য (Sexual dimorphism) দেখা নাযায় যদিও কিছু ক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা নহয়৷ উদাহৰণস্বৰূপে, বাহ্যিক গঠনৰ ফালৰ পৰা পুৰুষ আৰু মহিলাৰ কংকালৰ কিছু পাৰ্থক্য দেখা পোৱা যায়৷