মানুহ
হোমো চেপিয়েন্সৰ সাধাৰণ নাম, ভ্ৰূণৰ পৰা প্ৰাপ্তবয়স্কলৈ হোমো গণৰ অনন্য প্ৰজাতি / From Wikipedia, the free encyclopedia
আধুনিক মানুহ বা মানৱ (ইংৰাজী: humans; বৈজ্ঞানিক নাম: Homo sapiens, কেতিয়াবা ssp. Homo sapiens sapiens হিচাপেও শ্ৰেণীবিভাজন কৰা হয়।) হৈছে বনমানুহৰ অন্তৰ্গত হ'মিনি গোত্ৰৰ একমাত্ৰ জীৱিত উত্তৰসূৰী; বৈশিষ্ট্য হৈছে দুভৰিৰ সহায়ত থিয় হব পৰা আৰু চলাচল কৰিব পৰা, সজূলিৰ ব্যৱহাৰ, ডাঙৰ আৰু অধিক জটিল মগজু আৰু সমাজপ্ৰিয়।[3][4]
মানুহ জীৱাশ্ম কাল: ০.১৯৫–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
↓ | |
---|---|
থাইলেণ্ডৰ এহাল পুৰ্ণহয়স্ক পুৰুষ আৰু মহিলা। | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primate |
পৰিয়াল: | Homininidae |
উপপৰিয়াল: | Homininae |
গোত্ৰ: | Hominini |
গণ: | Homo |
প্ৰজাতি: | H. sapiens |
বৈজ্ঞানিক নাম | |
Homo sapiens
†Homo sapiens idaltu হোৱাইত আৰু অন্যান্যসকল, ২০০৩ | |
Homo sapiensৰ জন ঘনত্ব | |
সমাৰ্থক | |
প্ৰজাতিৰ সমাৰ্থক শব্দবোৰ[2]
|
প্ৰাক হ'মিনি—বিশেষকৈ অষ্ট্ৰাল'পিথেচিনছ, যাৰ মগজু আৰু শৰীৰ ৰচনা, অ-মানুহ বনমানুহৰ পূৰ্বজৰ সৈতে সাদৃশ্য আছিল - সেইবোৰক হ'ম গণৰ হ'মিনিৰ দৰে মানুহ বুলি আখ্যা দিয়া নহয়।[5] ইয়াৰে কিছুমানে পিছত জুইৰ ব্যৱহাৰ, ইউৰেচিয়াত আধিপত্যৰে প্ৰায় ২,০০,০০০ বছৰ আগতে শৰীৰতাত্বিক ভাৱে আফ্ৰিকাত আধুনিক হ'ম' ছেপিয়েন্সলৈ বিকশিত হৈছিল।[6][7] প্ৰায় ৫০,০০০ বছৰ আগৰ আচৰণগত আধুনিকতাৰ প্ৰমাণ দেখুৱাইছিল, আৰু আধিপত্যৰ বাবে যোৱা ১০০ বছৰ ধৰি ক্ষুদ্ৰ, মৰুভূমি আৰু শীতল কিন্তু সকলো ঠাইলৈ প্ৰৱজনৰ দ্বাৰা বিস্তাৰিত হৈছিল।[8] যোৱা ১০০ বছৰত মানুহে এণ্টাৰ্কটিকা অধিকাৰ কৰাৰ উপৰিও পৃথিৱীৰ কক্ষপথটো আৱৰ্তন কৰিবলৈ সক্ষম হৈছে।
বিশ্বজুৰি মানুহ আৰু মানুহৰ বৃহৎ আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ বিস্তাৰে পৰিৱেশ তথা অন্য থলুৱা প্ৰজাতিৰ ওপৰত বিস্তৰ প্ৰভাৱ পেলাইছে। তুলনামূলকভাৱে ডাঙৰ মগজু, বিশেষকৈ সু-বিকশিত নিউকৰ্টেক্স (প্ৰিফ্ৰণ্টেল কৰ্টেক্স আৰু টেম্পৰেল ল'ব), যি উচ্চ পৰ্যায়ৰ যুক্তি বিচাৰ ক্ষমতা, ভাষা, সমস্যা সমাধান, সামাজিকতা আৰু সামাজিক শিক্ষাৰ জৰিয়তে অৰ্জিত সংস্কৃতি আদি মানুহৰ সফল ক্ৰমবিকাশৰ কাৰণ বুলি ব্যাখ্যা কৰা হয়। অন্য যিকোনো প্ৰাণীতকৈ মানুহে অতি উচ্চ পৰ্যায়ত সঁজুলি ব্যৱহাৰ কৰে। মানুহেই হৈছে একমাত্ৰ প্ৰাণী যি জুইৰ ব্যৱহাৰ জানে আৰু খাদ্য ৰান্ধি খায়, কাপোৰ পিন্ধে আৰু অন্য বহু প্ৰযুক্তি আৰু কলাৰ সৃষ্টি তথা ব্যৱহাৰ কৰে।
নিজৰ অনুভৱ আৰু ধাৰণাৰ প্ৰকাশ, আৰু উদ্দেশ্য ভিত্তিক গোটত সংগবদ্ধ কৰাৰ বাবে মানুহবোৰ সাংকেতিক যোগাযোগ প্ৰণালী (যেনে ভাষা আৰু কলা) ব্যৱহাৰত অভ্যস্ত। মানুহে পৰিয়াল আৰু বন্ধুত্বৰ সমন্বয়ৰ পৰা ৰাজনৈতিকলৈকে বিভিন্ন জটিল সমন্বয়ী তথা প্ৰতিযোগিতামূলক গোট গঠন কৰে। মানূহৰ মাজৰ সামাজিক আন্তঃক্ৰিয়াই এটা অতি বৃহৎ প্ৰকাৰৰ মূল্য, সামাজিক প্ৰমূল্য আৰু ৰিছুৱেল, যি মানৱ সমাজৰ ভেটি গঠন কৰে। পৰিৱেশ সম্বন্ধে জ্ঞান আৰু ইয়াৰ প্ৰভাৱ আৰু বিভিন্ন ঘটনাৰ বৰ্ণনা তথা উৎপত্তিৰ বিষয়ে অনুসন্ধিৎসূতা আৰু উদ্দিগ্নতাই মানুহক বিজ্ঞান, দৰ্শন, ধৰ্ম আদি বিভিন্ন ক্ষেত্ৰৰ বীজ ৰোপণ কৰে।
মানুহে প্ৰায় ১২,০০০ বছৰ আগতেই কৃষি, প্ৰাণী আৰু উদ্ভিদৰ ঘৰুৱাকৰণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সভ্যতাৰ পাতনি মেলিছিল। তাৰ পিছত লাহে লাহে বিভিন্ন চৰকাৰ, ধৰ্ম, আৰু সৃস্কৃতিৰ প্ৰতিষ্ঠা কৰিছিল, একে ধৰ্মীয় মানুহক সংগঠিত কৰিছিল আৰু ৰাজ্য তথা সাম্ৰাজ্য গঠন কৰিছিল। দ্ৰুতভাৱে আহৰণ কৰা বৈজ্ঞানিক আৰু চিকিৎসা সম্বন্ধীয় জ্ঞানে ১৯শ আৰু ২০শ শতিকাত ইন্ধন-চালিত প্ৰযুক্তি আৰু সুস্বাস্থ্য প্ৰদান কৰি মানুহক জনসংখ্যা বিস্ফোৰণ পৰ্যায়লৈ লৈ গৈছিল। ২০১৪ চনত সমগ্ৰ বিশ্বত মানুহৰ জনসংখ্যা প্ৰায় ৭২০ কোটি বুলি অনুমান কৰা হৈছিল।[9][10]