মাইকেলেঞ্জেল'
From Wikipedia, the free encyclopedia
মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি [1] (৬ মাৰ্চ ১৪৭৫ – ১৮ ফেব্ৰুৱাৰী ১৫৬৪), বা চমুকৈ মাইকেলেঞ্জেল' (ইটালীয়ান উচ্চাৰণ: [mikeˈlandʒelo]) আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম।[2] কলাৰ বাহিৰে আন দিশত তেওঁৰ চৰ্চা কম হ'লেও যিকোনো ক্ষেত্ৰতে তেওঁৰ পাৰদৰ্শিতাৰ বাবে আন এজন ইটালীয় লিঅ'নাৰ্ড' দা ভিন্সিৰ লগত তেওঁক নৱজাগৰণৰ 'বহুমুখী প্ৰতিভাৰ ব্যক্তি' বুলি কোৱা হয়।
মাইকেলেঞ্জেল' | |
---|---|
জেক'পিন' ডেল ক'ণ্টেই (১৫৩৫ৰ পিছত) অঁকা ৬০ বছৰীয়া মাইকেলেঞ্জেল'ৰ প্ৰতিকৃতি | |
নাম | মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি (Michelangelo di Lodovico Buonarroti Simoni) |
জন্ম | ৬ মাৰ্চ, ১৪৭৫ কেপ্ৰেছ, আৰিজ'ৰ ওচৰত, ফ্ল'ৰেন্স গণৰাজ্য (এতিয়াৰ টাছকেনী, ইটালী) |
মৃত্যু | ১৮ ফেব্ৰুৱাৰী, ১৫৬৪ (৮৮ বছৰ) ৰোম, পাপেল ষ্টেট্ছ (এতিয়াৰ ইটালী) |
দেশ | ইটালীয়ান |
পেচা | ভাস্কৰ্য, চিত্ৰ, স্থপতি আৰু কাব্য |
প্ৰশিক্ষণ | ড'মেনিক' ঘিৰ্লাণ্ডায়'ৰ ওচৰত[1] |
বিপ্লৱ | উচ্চ নৱজাগৰণ |
কৰ্মৰাজী | ডেভিদ, দা ক্ৰিয়েচন অৱ আডাম, পিয়েটা, চিষ্টিন্ চেপেল চিলিং |
মাইকেলেঞ্জেল'ক তেওঁৰ জীৱনকালৰ সৰ্বশ্ৰেষ্ঠ কলাকাৰ বুলি ভবাৰ লগতে এতিয়া সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পীসকলৰ এজন বুলি গণ্য কৰা হয়।[2] তেওঁৰ বহুসংখ্যক ছবি, ভাস্কৰ্য আৰু স্থপতিৰ নিদৰ্শন পৃথিৱী বিখ্যাত।[2] দীৰ্ঘ জীৱনকালত প্ৰতি ক্ষেত্ৰতে কৰা তেওঁৰ কাৰ্যই দক্ষতাৰ পৰিচয় দিছিল। তেওঁৰ বৃহৎ পৰিমাণৰ চিঠি-পত্ৰ, নক্সা, স্মৃতিচাৰণ আদিৰ হিছাপত তেওঁ ১৬শ শতিকাৰ আটাইতকৈ বেছি উল্লেখ থকা শিল্পী। তেওঁ ত্ৰিশবছৰীয়া হোৱাৰ আগতেই দুই বিখ্যাত কৰ্ম "পিয়েটা" আৰু ডেভিদৰ সমাপণ কৰিছিল। নিজৰ চিত্ৰকৰ্মৰ ওপৰত তেওঁৰ উচ্চ অভিমত নাছিল। তথাপিও পশ্চিমীয়া কলাৰ ইতিহাসৰ অন্যতম দুই প্ৰভাৱশালী ফ্ৰেস্ক' চিত্ৰকৰ্ম চিষ্টিন্ চেপেল চিলিঙত সৃষ্টিৰ দৃশ্যাৱলী আৰু চিষ্টিন্ চেপেলৰ দেৱালত "দা লাষ্ট জাজ্মেণ্ট" তেওঁৰেই দান। স্থপতিবিদ ৰূপে তেওঁ আছিল লৰেচিয়ান লাইব্ৰেৰীৰ 'মেনাৰিজম' শৈলীৰ হোতা। ৭৪ বছৰ বয়সত তেওঁ এন্টনিঅ' দা চাংগেল' কনিষ্ঠৰ ঠাইত ছেইণ্ট পিটাৰ্ছ বেছিলিকাৰ মুখ্য স্থপতিবিদ হিছাপে নিযুক্তি পায়। তাৰ পশ্চিম অংশটো মাইকেলেঞ্জেল'ৰ নক্সামতে সজা হয়। তাৰ টুপটো তেওঁৰ মৃত্যুৰ পিছত কিছু সালসলনিৰে সম্পূৰ্ণ হয়।
মাইকেলেঞ্জেল'ৰ প্ৰতিভাৰ আন এক উদাহৰণ হ'ল যে জীৱিত কালত জীৱনী প্ৰকাশ পোৱা তেৱেঁই আছিল প্ৰথম পশ্চিমীয়া শিল্পী।[3] তেওঁৰ জীৱনকালত দুখন জীৱনী প্ৰকাশ পাইছিল। তাৰে জৰ্জিঅ' ভাচাৰিয়ে লিখাখনত কোৱা হৈছিল যে ৰেনেছাঁৰ আৰম্ভণিৰে পৰা তেওঁ কলাত্মক দক্ষতাৰ শীৰ্ষত আছিল। শতিকাজুৰি কলাৰ ইতিহাসত এই অভিমতৰ কোনো বিৰোধী নাই। তেওঁৰ জীৱনকালত তেওঁক Il Divino ("দৈৱিক জন") বুলিও সন্মান জনোৱা হৈছিল।[4] তেওঁৰ সমসাময়িকসকলে প্ৰশংসা কৰা তেওঁৰ এক গুণ আছিল terribilità বা সন্মান আদায় কৰিব পৰা মহত্বতা। পিছৰ যুগৰ শিল্পীসকলে মাইকেলেঞ্জেল'ৰ ব্যক্তিগত শৈলী অনুকৰণ কৰিব খোজাৰ ফলতে মেনাৰিজমৰ সূত্ৰপাত হৈছিল, যি উচ্চ নৱজাগৰণৰ পিছত পশ্চিমীয়া কলাজগতৰ এক গুৰুত্বপূৰ্ণ বিপ্লৱ।