মছলা চাহ
From Wikipedia, the free encyclopedia
মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক'লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হাউজৰ এটি আৱশ্যক বা জনপ্ৰিয় বৈশিষ্ট্য। যি ঐতিহ্যগতভাৱে এলাচি, লং, দালচিনি, আদা, তেজপাত ইত্যাদিৰ লগত চাহ পাতৰ সৈতে জুইত উতলাই মিশ্ৰণকৃত বনোৱা একপ্ৰকাৰ ক্বাথ। মছলা চাহৰ ঔষধি গুণ আছে। চীনদেশেই চাহৰ আদি জন্মভূমি। বৰ্তমানে ইয়াক বিশ্বৰ উল্লেখযোগ্য পানীয়ৰূপে গণ্য কৰা হয়।