বৰ্তনী ছেদক
From Wikipedia, the free encyclopedia
বৰ্তনী ছেদক (ইংৰাজী: circuit breaker) হৈছে স্বয়ংক্ৰিয়ভাৱে ক্ৰিয়াশীল হৈ উঠা এটা বৈদ্যুতিক ছুইছ। শ্বৰ্ট ছাৰ্কিট বা অত্যধিক লোদে বৰ্তনী এটাইদি অতি-প্ৰৱাহ চালিত কৰে। সেই প্ৰৱাহে যাতে বৈদ্যুতিক যন্ত্ৰটো বা প্ৰণালীটো ক্ষতিগ্ৰস্ত নকৰে, তাৰ বাবে বৰ্তনী ছেদক ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল কাম হৈছে বৈদ্যুতিক ত্ৰুটি এটা ধৰা পৰাৰ পাছত বৈদ্যুতিক প্ৰৱাহ প্ৰতিহত কৰা। এটা বৈদ্যুতিক ফিউজ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰাই তাক ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু বৰ্তনী ছেদক এটাক স্বয়ংক্ৰিয়ভাৱে আৰু অস্বয়ংক্ৰিয়ভাৱে (manually) প্ৰণালীটোত পুন:স্থাপিত কৰি সাধাৰণ ক্ৰিয়া অব্যাহত ৰাখিব পাৰি।[1]
এই প্ৰবন্ধটো চাৰ্কিট ব্ৰেকাৰ নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
বৰ্তনী ছেদক এটা বিভিন্ন আকাৰ আৰু ৰেটিঙত উপলব্ধ। ঘৰুৱা ব্যৱহাৰযোগ্য নিম্ন বিভৱসম্পন্ন বৰ্তনীৰ পৰা আৰম্ভ কৰি এখন বৃহৎ চহৰত পোহৰযোগানৰ দায়িত্বত থকা উচ্চ বিভৱসম্পন্ন বৰ্তনীলৈকে বৰ্তনী ছেদক ব্যৱহাৰ হয়।