বেংক
From Wikipedia, the free encyclopedia
বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ঋণ বা বিনিয়োগ কৰাৰ বাবে। সেই মুদ্ৰা, চেক, ড্ৰাফ্ট, আদেশ (অৰ্ডাৰ) অথবা আন উপায়ে উলিয়াই অনাৰ ব্যৱস্থা থাকে। বেংকসমূহে জমা তথা ঋণৰ উপৰিও অন্যন্যা সুবিধা যেনে মুদ্ৰা স্থানান্তৰ, চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান কৰে। আনহাতে বেংকে অধিশেষ (Surplus) খণ্ডৰ পৰা ঘাটি খণ্ডলৈ বিত্তৰ গতি ঘটাই অৰ্থনীতিৰ ভাৰসাম্যতা বজাই ৰাখি বিত্তীয় মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰে। যিয়ে সমাজৰ আৰ্থিক দিশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
আধুনিক গোলকীয় অৰ্থনীতিত বেংক ব্যৱস্থা হৈছে একোখন দেশৰ প্ৰধান অৰ্থনৈতিক চালিকা শক্তি। অন্য কথাত বেংক, একো একোখন দেশৰ ইন্ধন উদ্যোগ (ফুৱেল ইণ্ডাষ্ট্ৰী) । টকা সকলো উদ্যোগৰে ইন্ধন। বেংকে টকা যোগানকাৰী উদ্যোগ অথাৎ ইন্ধন উদ্যোগ ৰূপে কাম কৰে। আন্তৰ্জাতিক লেনদেনৰ ক্ষেত্ৰতো মুখ্য মাধ্যম হিচাবে বেংকে কাম কৰে।