বুটা
From Wikipedia, the free encyclopedia
বুটা (পাৰ্চী: بته), হৈছে আলমণ্ড বা পাইন শঙ্কু আকৃতিৰ মটিফ আৰু ইয়াৰ ওপৰৰ মূৰটো চোকা বক্ৰ আৰ্হিৰ।[1] যদিও পাৰ্চী মূলৰ, ভাৰত, আজাৰবাইজান, তুৰস্ক আৰু নিকট পূবৰ অন্যান্য দেশত ইয়াক অতি সাধাৰণ ভাৱে বুটা বুলি কোৱা হয়।[1] কাশ্মীৰী চাদৰৰ জৰিয়তে ই অন্ততঃ ১৯ শতিকাত ইউৰোপলৈকে বিয়পি পৰে, য'ত ইয়াক ব্যৱহাৰ কৰা আৰ্হিবোৰ ১৯৬০ চনৰ পৰা পেইজলি বুলি জনা যায। ইয়াৰ মূল কাৰণ স্কটলেণ্ডৰ পেইজলি, ৰেনফ্ৰিউশ্বাইৰত এইবোৰ নিৰ্মাণ কৰা এটা প্ৰধান কেন্দ্ৰ আছিল।
এছিয়ান অলংকাৰত বুটাৰ মটিফ সাধাৰণতে শৃংখলাবদ্ধ শাৰীত দেখুওৱা হয় যদিও বিশেষকৈ ভাৰতত ই বিভিন্ন আকাৰ, ৰং আৰু দিশৰ আৰ্হিত থাকিব পাৰে আৰু এইটো ইউৰোপীয় পেইজলি আৰ্হিৰ এটা বৈশিষ্ট্যও।
কোনো কোনো গৱেষকে বিশ্বাস কৰে যে বুটা হৈছে এটা আলংকাৰিক ফুলৰ বিস্তাৰ আৰু এটা চাইপ্ৰেছ গছৰ অভিসৰণ: জীৱন আৰু অনন্তকালৰ এটা প্ৰতীক।[2] এই বেঁকা আৰ্হিৰ বুটাতো শক্তি, প্ৰতিৰোধ আৰু বিনয়ৰ চিন। ফুলৰ মটিফৰ উৎপত্তি ছাছানিড বংশ আৰু পিছলৈ পাৰস্যৰ ছাফাৱী বংশত (১৫০১–১৭৩৬) হৈছিল আৰু কাজাৰ আৰু পাহলৱী বংশৰ সময়ত ইৰাণৰ এটা প্ৰধান বস্ত্ৰ আৰ্হি আছিল। এই সময়ছোৱাত এই আৰ্হিটো ৰাজকীয় ৰেগালিয়া, মুকুট আৰু দৰবাৰৰ কাপোৰ সজাবলৈ ব্যৱহাৰ কৰা হৈছিল, লগতে সাধাৰণ জনসাধাৰণে ব্যৱহাৰ কৰা বস্ত্ৰশিল্পসমূহো সজাবলৈ ব্যৱহাৰ কৰা হৈছিল। পাৰ্চী আৰু মধ্য এছিয়াৰ ডিজাইনসমূহে সাধাৰণতে মটিফসমূহ সমতলত শৃংখলাবদ্ধ শাৰীত সজোৱা আৰ্হিৰ।