বীৰা
From Wikipedia, the free encyclopedia
লোকবিশ্বাস অনুসৰি বীৰা (ইংৰাজী: Poltergeist) হৈছে এক প্ৰকাৰৰ ভূত বা আত্মা। বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক মন্ত্ৰ মাতি খেদিব পাৰে বুলি জনবিশ্বাস প্ৰচলিত।[1]। আন এক বিশ্বাস অনুসৰি নিদ্ৰামগ্ন অৱস্থাত মহিলাৰ সৈতে যৌন সংগম কৰা ই এক অপদেৱতা৷[2] এইবিধ ভূত বিভিন্ন বস্তুৰ কায়িক বিভ্ৰান্তিৰ বাবে দায়বদ্ধ। এই ভূতৰ প্ৰভাৱত কাৰণবিহীন ভাৱে ডাঙৰ শব্দ হোৱা আৰু বস্তু আদিৰ স্থানান্তৰকৰণ বা ধ্বংস আদি হয় বুলি বিশ্বাস কৰা হয়। বীৰা সম্পৰ্কীয় কাল্পনিক বৰ্ণনা সমূহৰ বেছিভাগতে এই ভূতে চিকুটি দিয়ে, কামোৰে, আঘাত কৰে বুলি উল্লেখ আছে। এই বীৰাৰ প্ৰভাৱত আচবাব আৰু বাচন-বৰ্তন আদিৰ আকস্মিক স্থানান্তৰ ঘটা, দুৱাৰত টুকুৰিয়াই দিয়াৰ দৰে শব্দ হোৱা, আকস্মিক ভাৱে বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন ঘটাৰ দৰে ঘটনা আদি ঘটে বুলি লোকবিশ্বাস প্ৰচলিত।
পৰম্পৰাগতভাৱে বিৰাবোৰক অসুবিধা সৃষ্টিকাৰী আত্মা হিচাপে বৰ্ণনা কৰা হৈছে। বিভিন্ন সংস্কৃতিত বীৰা সম্পৰ্কীয় লোককাহিনীৰ ভিন্নতা দেখা পোৱা যায়। প্ৰথম শতিকাৰ বিশ্বাস অনুসৰি বীৰাবোৰ ভুক্তভোগীসকলক উৎপীড়ন আৰু যন্ত্ৰণা দিয়া আত্মা বুলি ভৱা হৈছিল, পিছলৈ সপ্তদশ শতিকাৰ আৰম্ভণিৰ ফালে বীৰাৰ প্ৰসংগটো অধিক সাধাৰণ হিচাপে দেখা গৈছিল।