বাঙালী হিন্দু
From Wikipedia, the free encyclopedia
বাঙালী হিন্দু (বঙালী: বাঙ্গালী হিন্দু/বাঙালি হিন্দু) এটি জাতিগত আৰু ধাৰ্মিক গোট যি বৰ্তমানে পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ, ঝাৰখণ্ড আৰু অসমৰ বৰাক উপত্যকাত সংখ্যাগৰিষ্ঠতাত আছে। বাংলাদেশত ই সৰ্ববৃহৎ সংখ্যালঘু গোট। বাঙালীসকলৰ এই গোটে হিন্দু ধৰ্মত বিশ্বাস কৰে। তেওঁলোক দক্ষিণ এছিয়াৰ বংগ অঞ্চলৰ। বাঙালী হিন্দুৰ গড়িষ্ঠসংখ্যকেই বাংলা ভাষা কয়, যি এটি ভাৰতীয় আৰ্য ভাষা। তেওঁলোকৰ গড়িষ্ঠসংখ্যক শাক্ত (যাৰ মাজত সৰ্ববৃহৎ গোট কালিকুল)। গৌড়ীয় বৈষ্ণৱবাদ আৰু বৈষ্ণৱ-সহজীয়া উল্লেখনীয় সংখ্যালঘু গোট।[1] ভাৰতৰ বিভিন্ন ৰাজ্যত উল্লেখনীয় সংখ্যাত বাঙালী হিন্দু আছে।[2][3] ১৮৮১ চনৰ জনগণনাৰ মতে, ১২.৮১% বাঙালী হিন্দু উচ্চ জাতিৰ।[4]