বাংলাদেশৰ জাতীয় পতাকা
পতাকা / From Wikipedia, the free encyclopedia
বাংলাদেশৰ জাতীয় পতাকা সেউজীয়া আয়তক্ষেত্ৰৰ মাজত ৰঙা বৃত্তৰে গঠিত। সেউজীয়া ৰং বাংলাদেশৰ সেউজীয়া প্ৰকৃতি তথা তাৰুণ্যৰ প্ৰতীক আৰু বৃত্তৰ ভিতৰত থকা ৰঙা ৰং উদীয়মান সূৰ্য আৰু স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া লোকসকলৰ তেজৰ প্ৰতীক। বাংলাদেশৰ জাতীয় পতাকাৰ এই ৰূপ ১৯৭২ চনৰ ১৭ জানুৱাৰীত চৰকাৰীভাৱে গৃহীত হয়।
ক্ষিপ্ৰ তথ্য নাম, ব্যৱহাৰ ...
নাম | ৰঙা আৰু সেউজীয়া (বঙালী: লাল-সবুজ) |
---|---|
ব্যৱহাৰ | জাতীয় পতাকা |
অনুপাত | ৩:৫ |
গ্ৰহন কৰা তাৰিখ | ১৭ জানুৱাৰী ১৯৭২ |
সজ্জা | সেউজীয়া আয়তক্ষেত্ৰ মাজত ৰঙা বৃত্ত। |
বাংলাদেশৰ ছিভিল এনচাইন | |
ব্যৱহাৰ | Civil ensign |
সজ্জা | ৰঙা আয়তক্ষেত্ৰৰ ঊৰ্ধ্বত-বাম কোয়াড্ৰ্যাণ্টত বাংলাদেশৰ জাতীয় পতাকা |
বাংলাদেশৰ নেভাল এনচাইন | |
ব্যৱহাৰ | Naval ensign |
সজ্জা | বগা এনচাইনৰ ক্যাণ্টত বাংলাদেশৰ জাতীয় পতাকা |
১৯৭১ চনৰ স্বাধীনতা যুদ্ধত ব্যবহৃত পতাকা | |
ব্যৱহাৰ | পুৰণি পতাকা Vexillological description |
গ্ৰহন কৰা তাৰিখ | ২ মাৰ্চ ১৯৭১ |
সজ্জা | সেউজীয়া আয়তক্ষেত্ৰ মাজত ৰঙা বৃত্ত, তেতিয়া মধ্যত বাংলাদেশৰ মানচিত্ৰ |
বন্ধ কৰক
১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত প্ৰায় একেই ধৰণৰ এখন পতাকা ব্যৱহাৰ কৰা হৈছিল যাৰ মাজত ৰঙা বৃত্তৰ ভিতৰত হালধীয়া ৰঙৰ এখন মানচিত্ৰ আছিল। ১৯৭২ চনৰ ১২ জানুৱাৰীত পতাকাখনৰ পৰা মানচিত্ৰখন আঁতৰোৱা হয়।[1] পতাকাৰ উভয়ফালে সঠিকভাৱে মানচিত্ৰখন ফুটাই তোলাৰ অসুবিধাই আছিল পতাকাখনৰ পৰা মানচিত্ৰখন আঁতৰোৱাৰ অন্যতম কাৰণ।[2]