ফৰাচী বিপ্লৱ
From Wikipedia, the free encyclopedia
ফৰাচী বিপ্লৱ (ফৰাচী: Révolution française) হৈছে ফ্ৰান্স আৰু ইয়াৰ উপনিবেশসমূহত ১৭৮৯ চনত আৰম্ভ হৈ দশকজুৰি চলা সুদূৰপ্ৰসাৰী সামাজিক তথা ৰাজনৈতিক উত্থানৰ সময়। এই বিপ্লৱৰ সময়ত ফ্ৰান্সত নিৰঙ্কুশ ৰাজতন্ত্ৰ উৎখাট কৰি গণতন্ত্ৰিক আদৰ্শৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অৱশেষত নেপোলিয়ন বোনাপাৰ্টৰ একনায়কত্তবাদত সমাপ্তি ঘটিছিল। ফৰাচী বিপ্লৱক পশ্চিমীয়া গণতন্ত্ৰৰ ইতিহাসৰ এক জটিল সন্ধিক্ষণ হিচাপে চিহ্নিত কৰা হয়, যাৰ মাধ্যমেৰে পশ্চিমীয়া সভ্যতাই নিৰঙ্কুশ ৰাজনীতি আৰু অভিজাততন্ত্ৰৰ অন্ত পেলাই গণতন্ত্ৰৰ যুগত পদাৰ্পণ কৰে। এই বিপ্লৱ ফ্ৰান্সৰ লগতে ইউৰোপ আৰু পশ্চিমীয়া সভ্যতাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। ইতিহাসবিদসকলেও ইয়াক মানৱ ইতিহাসেৰ অন্যতম গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচনা কৰে।[1][2][3]
আটলাণ্টিক বিপ্লৱৰ অংশ | |
বাস্তিলৰ বিক্ষোভ, ১৪ জুলাই ১৭৮৯ | |
তাৰিখ | ৫ মে' ১৭৮৯ (1789-05-05) – ৯ নৱেম্বৰ ১৭৯৯ (1799-11-09) (১০ বছৰ, ৬ মাহ, ৪ দিন) |
---|---|
স্থান | ফ্ৰান্স সাম্ৰাজ্য |
পৰৰ্ৱতী প্ৰভাৱ |
|
ফৰাচী বিপ্লৱৰ মূলনীতি আছিল "Liberté, égalité, fraternité, ou la mort!" অৰ্থাৎ "স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব, অথবা মৃত্যু"। এই শ্লোগানটো বিপ্লৱটোৰ চালিকাশক্তিত পৰিণত হৈছিল যাৰ মাধ্যমেৰে সামৰিক আৰু অহিংসা উভয়বিধ পদ্ধতি অনুসৰণ কৰি পশ্চিমীয়া বিশ্বত গণতন্ত্ৰ প্ৰতিষ্ঠিত কৰা হৈছিল। এই শ্লোগানটো সকলো কৰ্মীৰ মূলমন্ত্ৰত পৰিণত হৈছিল।