পৰিৱেশ তন্ত্ৰ
পৰিৱেশ বিদ্যাৰ মৌলিক একক / From Wikipedia, the free encyclopedia
পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ইক’ছিষ্টেম (Ecosystem) শব্দটো প্ৰৱৰ্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে "পৰিৱেশ তন্ত্ৰ হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্ৰদায়) এটা সমষ্টি য’ত শক্তিৰ প্ৰৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰ্যতা আৰু পদাৰ্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। " আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নিৰ্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদাৰ্থৰ বিনিময় ঘটায়।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ ব্যাখ্যা এনেদৰে দিব পাৰি: যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।