প্ৰাচীন ইজিপ্ট
From Wikipedia, the free encyclopedia
প্ৰাচীন ইজিপ্ট (ইংৰাজী: Ancient Egypt) পৃথিৱীৰ ৬টা প্ৰাচীনতম তথা স্বাধীনভাৱে গঢ় লৈ উঠা সভ্যতাৰ অন্যতম। এই সভ্যতা আফ্ৰিকাৰ উত্তৰ-পূৰ্বাঞ্চলত নীল নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। ৩১৫০ খ্ৰী:পূ:তে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ উন্মেষ ঘটিছিল।[1] প্ৰথমজন ফাৰাওৰ অধীনত উজনি আৰু নামনি ইজিপ্টক একগোট কৰা হৈছিল।[2] ঐতিহাসিক দিশৰ পৰা ইজিপ্টিয় সভ্যতাৰ গোটেই কালছোৱা মূলতঃ তিনিটা ভাগত ভগাব পাৰি: ব্ৰঞ্জ যুগৰ আৰম্ভণিৰ পুৰণি ৰাজ্য, মাজভাগৰ মধ্যৱৰ্তীকালীন ৰাজ্য আৰু শেষভাগৰ নতুন ৰাজ্য।
নতুন ৰাজ্যৰ কালছোৱাত ইজিপ্টে ক্ষমতাৰ শীৰ্ষত আৰোহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ধীৰে ধীৰে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ পতন আৰম্ভ হয়। মধ্যৱৰ্তী আৰু শেষৰ সময়ছোৱাত প্ৰাচীন ইজিপ্ট হিচকক, লিবিয়ান, নিউবিয়ান, এচিৰিয়ান, বেবিলনিয়ান, পাৰ্চীয়ান, মেচিড’নিয়ান আদিৰ বৈদেশিক আগ্ৰাসনৰ বলি হয়। আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত তেওঁৰ এজন সেনাপতি টলেমি চ’টাৰে নিজকে ইজিপ্টৰ নতুন শাসনকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰে। টলেমি ৰাজবংশই ৩০ খ্ৰী:পূ:লৈকে ইজিপ্ট শাসন কৰে। ইয়াৰ পিছতেই ক্লিঅ’পেট্ৰাৰ অধীনত ৰোমানসকলে ইজিপ্ট জয় কৰে আৰু ই ৰোমান সাম্ৰাজ্যৰ ভিতৰুৱা হয়।[3]
ইজিপ্টিয় সভ্যতাৰ সফলতাৰ আঁৰত কৃষিকাৰ্যৰ বাবে নীল নদী উপত্যকাৰ পৰিস্থিতিৰ সৈতে তেওঁলোকৰ খাপ খাব পৰা গুণকে কৃতিত্ব দিয়া হয়। সাৰুৱা উপত্যকাটোৰ পূৰ্বানুমান কৰিব পৰা বান আৰু সুনিয়ন্ত্ৰিত জলসিঞ্চন ব্যৱস্থাৰ বাবে বাসিন্দাসকলে অতিৰিক্ত শস্য উৎপাদন কৰিব পাৰিছিল আৰু সেইবাবেই দেশত অধিক জনসংখ্যা, সামাজিক উন্নয়ন আৰু সাংস্কৃতিক কাৰ্যকলাপ সম্ভৱপৰ হৈছিল। [4][5]শাসনকৰ্তাসকলে অতিৰিক্ত সম্পদসমূহ উপত্যকাটোৰ লগতে চাৰিওফালৰ মৰু অঞ্চলত খনিজ সম্পদৰ সন্ধান, স্বাধীন লেখন পদ্ধতিৰ বিকাশ, সামূহিক আন্তঃগাঁঠনি, কৃষি, বাণিজ্য, সৈন্যবাহিনী আদিত বিনিয়োগ কৰিছিল। আধ্যৱন্ত লোক বা ধৰ্মীয় নেতাসকলে ফাৰাওৰ নেতৃত্বত এনেধৰণৰ কাম-কাজসমূহৰ পৃষ্ঠপোষকতা কৰিছিল।[6][7] প্ৰাচীন ইজিপ্টবাসীসকলৰ উল্লেখনীয় অৱদানসমূহৰ ভিতৰত খনিজ সম্পদৰ আহৰণ কৌশল, মন্দিৰ তথা পিৰামিডসমূহৰ নিৰ্মাণ কৌশল, প্ৰা্যোগিক তথা কাৰ্যকৰী ভেষজ পদ্ধতি, জলসিঞ্চন আৰু কৃষি ব্যৱস্থা, নৌকা,[8] কাঁচ, সাহিত্য আৰু গাণিতিক পদ্ধতিসমূহেই প্ৰধান।[9] বৰ্তমান সময়তো সমগ্ৰ বিশ্বতে প্ৰাচীন ইজিপ্টৰ শিল্পকলা আৰু স্থপতিবিদ্যাৰ আদৰ কৰা হয়।[10]