প্ৰাকৃতিক পৰিৱেশ
পৃথিৱীত থকা জীৱ আৰু জড় / From Wikipedia, the free encyclopedia
প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়:
- সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই সীমাৰ ভিতৰত ঘটা সকলো প্ৰাকৃতিক পৰিঘটনাকে ধৰি, প্ৰাকৃতিক তন্ত্ৰ হিচাপে কাৰ্য কৰে।
- বিশ্বজনীন প্ৰাকৃতিক সম্পদ আৰু ভৌতিক পৰিঘটনা যিবোৰ কোনো সীমাৰ দ্বাৰা আবদ্ধ নহয়, যেনে বায়ু, পানী আৰু জলবায়ু, লগতে মানুহৰ কাৰ্যৰ পৰা উদ্ভৱ নোহোৱা শক্তি, তেজস্ক্ৰিয়তা, বৈদ্যুতিক আধান আৰু চুম্বকত্ব আদি।
প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে। মানৱ সৃষ্ট পৰিৱেশৰ অন্তৰ্গত অঞ্চল আৰু তাৰ মৌলবোৰ মানুহৰ বিভিন্ন কাৰ্যৰ (যেনে বিৱৰ্তনিক গঠন, কৃষি, জনসংখ্যা আদি) দ্বাৰা গভীৰভাৱে প্ৰভাবিত হয়। এটা ভৌগোলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়।
সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ বিচাৰি পোৱাতো বৰ কঠিন, আৰু পৰিস্থিতি অনুযায়ী প্ৰাকৃতিকতাৰ পাৰ্থক্য পৰিলক্ষিত হয়। পৰিৱেশৰ বিভিন্ন দৃষ্টিকোণ আৰু মৌলৰ দিশৰ পৰা বিচাৰ কৰিলে, দেখা যায় যে সিহঁতৰ প্ৰাকৃতিকতাৰ মাত্ৰা একে নহয়। উদাহৰণ স্বৰূপে, এখন কৃষি ক্ষেত্ৰৰ খনিজ লৱণৰ অনুপাত আৰু মাটিৰ গঠন বিবেচনা কৰিলে, এখন অৰণ্যৰ লগত খনিজ লৱণৰ অনুপাতৰ কিছু মিল দেখা পোৱা গলেও মাটিৰ গঠনৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়।
প্ৰাকৃতিক পৰিৱেশক প্ৰায়েই আৱাসস্থলৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়, যেনে জিৰাফৰ প্ৰাকৃতিক পৰিৱেশ ছাভানা।