নেছনেল পিপলছ পাৰ্টি
ভাৰতৰ ৰাজনৈতিক দল / From Wikipedia, the free encyclopedia
নেছনেল পিপলছ পাৰ্টি (ইংৰাজী: National People's Party) চমুকৈ এন.পি.পি, ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল যদিও ইয়াৰ প্ৰভাৱ বেছিভাগেই মেঘালয় ৰাজ্যত কেন্দ্ৰীভূত। ২০১২ চনৰ জুলাই মাহত এন চি পিৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত পি এ চাংমাই এই দলটো প্ৰতিষ্ঠা কৰিছিল। উত্তৰ-পূব ভাৰতৰ পৰা এই মৰ্যাদা লাভ কৰা প্ৰথমটো ৰাজনৈতিক দল।[1]