ধ্ৰুপদী গ্ৰন্থ
From Wikipedia, the free encyclopedia
ধ্ৰুপদী গ্ৰন্থ বা ক্লাছিক গ্ৰন্থ (ইংৰাজী: Classic Book) হৈছে আদৰ্শনীয় বা বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচিত হোৱা এখন গ্ৰন্থ। ইটালো কেলভিনোৰ পৰা আৰম্ভ কৰি মাৰ্ক টোৱেইনলৈকে বিভিন্ন লেখকৰ মনত "কিতাপ বা গ্ৰন্থ এখনক কিহে "ক্লাছিক" কৰি তোলে" শীৰ্ষক চিন্তাটো আৰু ইয়াৰ লগত জড়িত "ক্লাছিকবোৰ কিয় পঢ়া হয়?" আৰু "ক্লাছিক কি?"জাতীয় প্ৰশ্নবোৰে ভুমুকি মাৰিছিল। ইয়াৰ কিছুমান উত্তৰ বিভিন্ন ধাৰা আৰু যুগৰ লেখকে (কেলভিনো, টি. এছ. এলিয়ট, চাৰ্লছ অগাষ্টিন চেণ্ট-বিউভকে ধৰি) যুগুত কৰিছে। এই গ্ৰন্থসমূহ সংকলন হিচাপে প্ৰকাশ কৰিব পাৰি (যেনেঃ গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড, মডাৰ্ণ লাইব্ৰেৰী বা পেংগুইন ক্লাছিকছ) বা তালিকা হিচাপে ইয়াক উপস্থাপন কৰিব পাৰি। যেনেঃ হেৰল্ড ব্লুমৰ পশ্চিমীয়া কেনন গঠন কৰা কিতাপৰ তালিকা।[1] যদিও এই শব্দটো প্ৰায়ে পশ্চিমীয়া নীতি-নিয়মৰ সৈতে জড়িত হৈ থাকে, তথাপিও ইয়াক চীনা ক্লাছিক বা ভাৰতীয় বেদৰ দৰে সকলো পৰম্পৰাৰ সাহিত্যৰ গ্ৰন্থৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি।
বহু বিশ্ববিদ্যালয়ে এই পঠনসমূহ নিজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে, যেনেঃ ছেইণ্ট জন কলেজ[2] বা ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত উপলব্ধ ছেইণ্ট লুইছৰ "দ্য ৰিডিং লিষ্ট"।[3] এই ধ্ৰুপদী গ্ৰন্থসমূহৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলক ইতিহাসৰ কিছুমান অতি শ্ৰদ্ধাৰ লেখকৰ সৈতে পৰিচিত হ’বলৈ অনুমতি দিয়ে আৰু উৎসাহিত কৰে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু নতুনকৈ পোৱা পণ্ডিতসকলক তেওঁলোকৰ সমগ্ৰ অধ্যয়নৰ সময়ছোৱাত আৰু ইয়াৰ বাহিৰত ব্যৱহাৰ কৰিব পৰা একাধিক সম্পদৰ সৈতে সাজু কৰা।