ধাৰক
From Wikipedia, the free encyclopedia
ধাৰক হৈছে এনে এবিধ সঁজুলি যাৰ জৰিয়তে বৈদ্যুতিক ক্ষেত্ৰ এখনত বৈদ্যুতিক স্থিতি-শক্তি ধৰি ৰাখিব পৰা যায়। দুটা যিকোনো আকৃতিৰ পৃথকীকৃত বিদ্যুত পৰিবাহী মাধ্যমেৰে একোটা ধাৰক গঠিত হয়। বিদ্যুত পৰিবাহী মাধ্যম দুটাৰ মাজত পৰাবিদ্যুত (এবিধ অপৰিবাহী মাধ্যম যি মেৰুকৃত হোৱাৰ পাছত শক্তি ধৰি ৰাখিব পাৰে) ৰখা হয় যিয়ে ধাৰকৰ আধান ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি কৰে। কাঁচ, চেৰামিক পদাৰ্থ, প্লাষ্টিকৰ তৰপ, বায়ু, শূন্যতা, কাগজ, মাইকা আদি বস্তু পৰাবিদ্যুত পদাৰ্থৰ ভিতৰত পৰে। বৈদ্যুতিক স্থিতি-শক্তিৰ সঞ্চয়ক হিচাপে ব্যৱহৃত হোৱাতেই ধাৰকৰ কাৰ্য শেষ নহয়। উদাহৰণস্বৰূপে- আমি ব্যৱহাৰ কৰা ৰেডিঅ’ বা দূৰদৰ্শনৰ প্ৰেৰক আৰু গ্ৰাহক যন্ত্ৰৰ ভিতৰুৱা বৰ্তনীত ধাৰকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইদৰে কম্পিউটাৰৰ “মেমৰী বেংক” টোও ধাৰকেৰে গঠিত। ইলেক্ট্ৰনিক বৰ্তনীবোৰত প্ৰত্যক্ষ বিদ্যুত প্ৰবাহ ৰোধ কৰি পৰিৱৰ্তী বিদ্যুত প্ৰৱাহ প্ৰৱাহিত কৰিবলৈ ধাৰক ব্যৱহাৰ কৰা হয়।