দ্ৰৌপদী
হিন্দু মহাকাব্য মহাভাৰতৰ চৰিত্ৰ / From Wikipedia, the free encyclopedia
দ্ৰৌপদী হʼল মহাভাৰত মহাকাব্যৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ। তেওঁ পাঞ্চালৰাজ দ্ৰুপদৰ যজ্ঞোজাত কন্যা, পঞ্চপাণ্ডৱৰ সহধৰ্মিনী। যুদ্ধৰ পাছত যুধিষ্ঠিৰ যেতিয়া হস্তিনাপুৰৰ ৰজা হৈছিল তেতিয়া দ্ৰৌপদী (পুনৰ) ইন্দ্ৰপ্ৰস্থৰ মহাৰাণী হৈছিল। পাঞ্চালৰ ৰাজকন্যা বাবে তেওঁৰ আন নাম পাঞ্চালী। তেওঁৰ গাত নীলপদ্মৰ নিচিনা আভা থকা বাবে তেওঁক কৃষ্ণা বোলা হৈছিল। ইয়াৰ উপৰিও তেওঁ যাজ্ঞসেনী নামেও পৰিচিত কাৰণ যজ্ঞবেদীৰ পৰা তেওঁৰ জন্ম হৈছিল। মহাভাৰতত উল্লেখ অনুসৰি দ্ৰৌপদী সেই কালৰ অদ্বিতীয় সুন্দৰী আছিল। তেওঁ পঞ্চকন্যাৰ অন্যতমা।[1]
ক্ষিপ্ৰ তথ্য দ্ৰৌপদী, দাম্পত্যসঙ্গী ...
দ্ৰৌপদী | |
---|---|
নেপালৰ দ্ৰৌপদীৰ মূৰ্তি | |
দাম্পত্যসঙ্গী | যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ |
পিতৃ-মাতৃ | পিতৃ-দ্ৰুপদ |
সন্তান | উপপাণ্ডৱ |
বন্ধ কৰক