দিল্লী
ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল / From Wikipedia, the free encyclopedia
দিল্লী (ইংৰাজী: Delhi, হিন্দী: दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (ইংৰাজী: National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।[14][15] দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য (গুড়গাঁও জিলা, ফৰিদাবাদ জিলা, ঝজ্জৰ জিলা আৰু চ'নিপট জিলা) আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য (গৌতম বুদ্ধ জিলা, গাজিয়াবাদ জিলা আৰু বাঘপট জিলা) অৱস্থিত। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ মাটিকালি ১,৪৮৪ বৰ্গ কিলোমিটাৰ (৫৭৩ বৰ্গ মাইল)। ২০১১ চনৰ লোকপিয়ল অনুসৰি কেৱল দিল্লী মূল চহৰাঞ্চলৰ জনসংখ্যা ১.১ কোটিৰো অধিক,[3] এয়া মুম্বাইৰ পিছতে ভাৰতৰ দ্বিতীয় জনবহুল চহৰ।[16] আনহাতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ জনসংখ্যা ১.৬৮ কোটি।[4] দিল্লীৰ নগৰাঞ্চলক বৰ্তমানে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ চাৰিসীমাৰ বাহিৰেও দাতিকাষৰীয়া চহৰসমূহ, যেনে গাজিয়াবাদ, নইডা, বৃহত্তৰ নইডা, ফৰিদাবাদ, গুড়গাঁও, বাহডুৰগড় আৰু চ'নিপটকো অঞ্চলকো অন্তৰ্ভুক্ত কৰি কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (Central National Capital Region, CNCR) নামেৰে নামকৰণ কৰা হয়। ২০১৬ চনৰ অনুমান অনুসৰি এই বৃহত্তৰ অঞ্চলটোৰ জনসংখ্যা ২.৬ কোটিৰো অধিক। এয়া ৰাষ্ট্ৰসংঘৰ অনুসৰি পৃথিৱীৰ দ্বিতীয় জনবহুল নগৰ অঞ্চল।[5] মানৱ উন্নয়ন সূচকৰ ফালৰ পৰা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ স্থান পঞ্চম[12] আৰু জনমুৰিৰ ফালৰ পৰা দেশখনৰ ভিতৰত দ্বিতীয়।[7] ইয়াৰোপৰি, দিল্লী পৃথিৱীৰ সৰ্বাধিক প্ৰদূষিত চহৰসমূহৰ ভিতৰত অন্যতম।
দিল্লী | |
---|---|
— কেন্দ্ৰীয় শাসিত অঞ্চল / মহানগৰ — | |
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল | |
ওপৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত: হুমায়ুনৰ সমাধিক্ষেত্ৰ; কুতুব মিনাৰ; জামা মছজিদ; লালকিল্লাৰ লাহোৰ গেট; ইণ্ডিয়া গেট; দিগম্বৰ জৈন মন্দিৰ পটভূমিত গৌৰী শংকৰ মন্দিৰৰ সৈতে; চেণ্ট. জেমছৰ গীৰ্জা; হায়দৰাবাদ হাউচ; লটাচ টেম্পল, এটা বাহাই উপাসনাৰ ঘৰ। | |
ভাৰতৰ মানচিত্ৰত দিল্লীৰ অৱস্থান | |
দেশ | ভাৰত |
বসতি | খ্ৰীষ্টপূৰ্ব ৬ শতিকা |
ৰাজধানী স্থাপন | ১৯১১ |
কেন্দ্ৰীয় শাসিত অঞ্চল গঠন[1][2] | ১৯৫৬ |
ৰাজধানী | নতুন দিল্লী |
জিলা | ১১ |
চৰকাৰ | |
- পৰিষদ | দিল্লী চৰকাৰ |
মাটিকালি | |
- কেন্দ্ৰীয় শাসিত অঞ্চল | ১,৪৮৪.০ কি.মি.২ (৫৭৩.০ বৰ্গ মিটাৰ) |
- পানী | ১৭.৯ কি.মি.২ (৬.৯ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ৩১তম |
উচ্চতা | ২০০–২৫০ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) |
জনসংখ্যা (২০১১)[3] | |
- কেন্দ্ৰীয় শাসিত অঞ্চল | ১,৬৭,৮৭,৯৪১ জন |
- জনঘনত্ব | ১১,৩১২.৬ প্ৰতি বৰ্গ কি.মি. (২৯,২৯৮ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল[4] | ১,৬৩,৪৯,৮৩১ (২nd) জন |
- মহানগৰ[3] | ১,১০,৩৪,৫৫৫ (২nd) জন |
- মেট্ৰ' অঞ্চল (২০১৬)[5] | ২,৬৪,৫৪,০০০ (১st) জন |
বিশেষণ | দেলহাইট |
ভাষা | |
- আধিকাৰীক | |
- অতিৰিক্ত আধিকাৰীক | |
জিডিপি (২০১৮–১৯)[7] | |
- মুঠ | |
- জনমুৰি | ₹৩,৬৫,৫২৯ (৫,১২৪.৭২ ডলাৰ) |
- মেট্ৰ' জিডিপি/পিপিপি | $167–370 billion[8][9][10] |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+৫.৩০) |
পিনক'ড[11] | ১১০০০০ – ১১০০৯৯ |
অঞ্চল কোড | +৯১ ১১ |
আই এচ অ’ ৩১৬৬ কোড | IN-DL |
HDI (২০১৭) | ০.৭৪৪[12] (উচ্চ) · পঞ্চম |
সাক্ষৰতা (২০১১) | ৮৬.২১%[13] |
লিংগ অনুপাত (২০১১) | ৮৬৮ মহিলা/১০০০ পুৰুষ[13] |
ৱেবছাইট | delhi |
দিল্লীত মানূ্হৰ বসতি স্থাপন হয় খ্ৰীষ্টপূৰ্ব ৬ শতিকাতে আৰু তেতিয়াৰে পৰা বৰ্মানলৈ ইয়াত মানুহৰ বসবাস চলি আহিছে।[17] ইতিহাসৰ বিভিন্ন সময়ত ভিন ভিন সাম্ৰাজ্যই দিল্লীত নিজৰ ৰাজধানী স্থাপন কৰিছিল। বিশেষকৈ মধ্যযুগৰ সময়ত দিল্লীক বহুবাৰ দখল-বেদখল, নিৰ্মাণ-পুনৰ্নিমান কৰা হৈছিল। আধুনিক যুগৰ দিল্লী হৈছে মহানগৰীয় অঞ্চলটোৰ চুকে-কোনে সিঁচৰিত হৈ থকা কেইবাটাও চহৰৰ সমষ্টি।
যদিও দিল্লী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল, প্ৰশাসনিক ভাবে ইয়াৰ মিল ভাৰতৰ ৰাজ্যসমূহৰ লগতহে বেছি। দিল্লীৰ নিজা বিধানসভা, উচ্চ ন্যায়ালয়, আৰু মুখ্য মন্ত্ৰীৰ নেতৃত্বৰ চলিত মন্তীসভা আছে। নতুন দিল্লী ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰো ৰাজধানী আৰু ইয়াক যুটিয়াভাবে পৰিচালনা কৰে ভাৰত চৰকাৰ আৰু স্থানীয় দিল্লী চৰকাৰে। দিল্লীত ১৯৫১ চনৰ প্ৰথম এছিয় ক্ৰীড়া আৰু ১৯৮২ চনৰ নৱম এছিয় ক্ৰীড়া, ১৯৮২ চনৰ NAM সন্মিলন, ২০১০ চনৰ পুৰুষৰ হকী বিশ্বকাপ, ২০১০ কমনৱেলথ গেমছ, ২০১২ চনৰ চতুৰ্থ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হয়। ২০১১ চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেটৰো দিল্লী এক প্ৰধান আয়োজক চহৰ আছিল।