তু ইউইউ
From Wikipedia, the free encyclopedia
তু ইউইউ (চীনা: 屠呦呦; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়। এই দুবিধ মেলেৰিয়া চিকিৎসাত ব্যৱহাৰ কৰি লাখ লাখ মানুহৰ জীৱন বচাব পৰা গৈছে। ক্ৰান্তীয় অঞ্চলৰ দক্ষিণ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উন্নয়নশীল দেশসমূহৰ মানুহৰ স্বাস্থ্য উন্নয়নত আৰ্টেমীচিনিন আৱিষ্কাৰ আৰু মেলেৰিয়া প্ৰতিৰোধত ইয়াৰ ব্যৱহাৰ বিংশ শতিকাৰ ক্ৰান্তীয় মেডিচিনত এক যুগান্তকাৰী ঘটনা হিচাপে গণ্য কৰা হয়। তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ২০১১ চনত তেওঁক ক্লিনিকেল মেডিচিনত এলবাৰ্ট লাস্কেৰ ক্লিনিকেল মেডিচিন ৰিচাৰ্ছ বঁটা প্ৰদান কৰা হয়। ২০১৫ চনত তু ইউইউয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। চীনত শিক্ষা গ্ৰহণ কৰা আৰু গৱেষণা চীনা ভাষাত কৰা তু ইতিহাসৰ প্ৰথম লাস্কেৰ পুৰস্কাৰ বিজয়ী।[3]
তু ইউইউ | |
---|---|
ষ্টক'হম চহৰত তু ইউইউ, ২০১৫ | |
জন্ম | ৩০ ডিচেম্বৰ, ১৯৩০ (৯৩ বছৰ) নিঙব', ঝেজিয়াং, চীন |
বাসস্থান | বেইজিং |
নাগৰিকত্ব | চীন |
জাতীয়তা | চীনা |
ক্ষেত্ৰ | ঔষধিক ৰসায়ন বিজ্ঞান চীনা বনৌষধি বিজ্ঞান মেলেৰিয়া প্ৰতিষেধক পৰম্পৰাগত গৱেষণা |
কৰ্মস্থান | পৰম্পৰাগত চীনা ঔষধ একাডেমী[1][lower-alpha 1] |
শিক্ষানুষ্ঠান | পেকিং বিশ্ববিদ্যালয় মেডিকেল স্কুল / বেইজিং মেডিকেল কলেজ (বৰ্তমান পেকিং বিশ্ববিদ্যালয় স্বাস্থ্য বিজ্ঞান কেন্দ্ৰ)[lower-alpha 2] |
শৈক্ষিক পৰামৰ্শদাতা | লৌ ঝিচেন |
জনা যায় | প্ৰজেক্ট ৫২৩ ত আৰ্টেমীচিনিন আৰু ডাইহাইড্ৰ আৰ্টেমীচিনিন আৱিষ্কাৰ |
প্ৰভাৱ | লৌ ঝিচেন (ফাৰ্মাকগনচি) গে হং (চীনা বনৌষধ বিজ্ঞান) মাও জেডং (পৰম্পৰাগত চীনা ঔষধ বিজ্ঞান ) |
প্ৰভাৱান্বিত কৰিছে | প্ৰজেক্ট ৫২৩ |
উল্লেখনীয় বঁটা | লাস্কেৰ ডেবাকী ক্লিনিকেল মেডিকেল ৰিচাৰ্ছ বঁটা (২০১৫) ৱাৰৰেন আলপাৰ্ট ফাউণ্ডেচন পুৰস্কাৰ (২০১৫) চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০১৫) |