ডেংগি জ্বৰ
From Wikipedia, the free encyclopedia
ডেংগি জ্বৰ ডেংগি ভাইৰাছৰ ফলত হোৱা এক মহজনিত ক্ৰান্তীয় ৰোগ।[1] সংক্ৰমণৰ তিনিৰ পৰা চৈধ্য দিনৰ ভিতৰত লক্ষণে দেখা দিয়ে।[2] লক্ষণৰ ভিতৰত অত্যধিক জ্বৰ, মূৰৰ বিষ, বমি, মাংসপেশী তথা গাঁঠিৰ বিষ আৰু ছাল ৰঙচুৱা পৰা প্ৰধান।[1][2] দুইৰ পৰা সাতদিনৰ ভিতৰত আৰোগ্য লাভ হয়।[1] কিছু সংখ্যক ৰোগীৰ ক্ষেত্ৰত ৰোগ বাঢ়ি ডেংগি হিম'ৰহেজিক ফিভাৰ দেখা দিয়ে য'ত ৰক্তক্ষৰণ, তেজত অণুচক্ৰিকা কমা আৰু তেজৰ প্লাজমা নিৰ্গত হয়; বা ডেগি শ্বক ছিন্ড্ৰম য'ত ৰক্তচাপ সংকটজনকভাৱে কমি যায়।[2]
ডেংগি জ্বৰ | |
---|---|
অন্য নাম | ডেংগু, ব্ৰে'কব'ন ফিভাৰ[1][2] |
The typical rash seen in dengue fever | |
উচ্চাৰণ | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | জ্বৰ, মূৰৰ বিষ, গাঁঠিৰ বিষ, ৰঙচুৱ ছাল[1][2] |
জটিলতা | ৰক্তক্ষৰণ, তেজত অণুচক্ৰিকা কমা, শ্বক্[2] |
আৰম্ভণি | সংক্ৰমণৰ ৩-১৪ দিন পাছত[2] |
স্থায়িত্ব | ২-৭ দিন[1] |
কাৰণ | মহৰ জৰিয়তে ডেংগি ভাইৰাছ |
ৰোগ নিৰূপণ | ভাইৰাছ বা ইয়াৰ RNA-ৰ প্ৰতিদেহ চিনাক্ত কৰি[2] |
একেধৰণৰ ৰোগ | মেলেৰিয়া, পীত জ্বৰ, ভাইৰেল হেপাটাইটিছ, লেপ্ট'স্পাইৰ'চিছ[3] |
প্ৰতিৰোধ | ডেংগি জ্বৰ প্ৰতিষেধক, মহে কামুৰাত বাধা দি[1][4] |
চিকিৎসা | সমৰ্থনীয় শুশ্ৰূষা (Supportive care), ইন্ট্ৰাভেনাছ ফ্লুইড, ৰক্ত সঞ্চাৰণ[2] |
পুনৰাবৃত্তি | প্ৰতি বছৰে ৫-ৰ পৰা ৫২.৮ কোটি[5] |
মৃত্যু | ~২০,০০০[6] |
এডিছ মহৰ কেইবাটাও প্ৰকাৰ, ঘাইকৈ এডিছ ইজিপ্টিয়ে ডেংগি বিয়পায়।[1] ভাইৰাছবিধৰ পাঁচটা প্ৰকাৰ আছে;[7][8] এটা প্ৰকাৰৰ সংক্ৰমণে সেইবিধৰ প্ৰতি আজীৱন প্ৰতিৰক্ষা আৰু বাকীবোৰৰ প্ৰতি হস্ৰম্যাদী প্ৰতিৰক্ষা প্ৰদান কৰে। পাছত বেলেগ প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ হ'লে জটিলতাৰ সম্ভাৱনা বাঢ়ে।[1] ৰোগনিৰ্ণয়ৰ বাবে ভাইৰাছ বা ইয়াৰ RNA-ৰ প্ৰতিদেহ চিনাক্ত কৰাকে ধৰি কেইবাটাও পৰীক্ষা উপলব্ধ।[2]
শেহতীয়াকৈ অনুমোদন জনোৱা ডেংগি জ্বৰ প্ৰতিষেধক এতিয়া কেইবাখনো দেশত উপলব্ধ।[4] ৰোগ প্ৰতিৰোধৰ আন উপায়ৰ ভিতৰত আছে মহৰ বংশবৃদ্ধি কমোৱা আৰু কামুৰাত বাধা দিয়া। অব্যৱহৃত মুকলি পানী পেলাই দিয়া আৰু গা ঢকাকৈ কাপোৰ পিন্ধি এই কাম কৰিব পাৰি, কাৰণ এই মহে দিনতে কামুৰে।[1] সাধাৰণতে সমৰ্থনীয় চিকিৎসা যেনে মুখ বা সিৰাৰে পানীয় দিলেই কিছুদিনৰ ভিতৰত ৰোগী সুস্থ হয়। জটিল ৰোগত ৰক্ত সঞ্চাৰণৰ প্ৰয়োজন হ'ব পাৰে।[2] প্ৰতি বছৰ প্ৰায় ৫ লাখ লোক চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয়।[1] Ibuprofen বা আন NSAID ঔষধ ব্যৱহাৰ কৰিব নালাগে।[2]
দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই ডেংগিয়ে বিশ্বজুৰি সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু ১১০ খনৰো বেছি দেশত এই ৰোগ পোৱা যায়।[9][10] প্ৰতি বছৰে প্ৰায় ৫-৫২.৮ কোটি লোক সংক্ৰমিত হয় আৰু প্ৰায় ১০০০০-২০০০০ লোক মৃত্যুমুখত পৰে।[11][5][6][12] চাইনিজ মেডিকেল এনচাইক্ল'পেডিয়াত বিশ্বত সৰ্বপ্ৰথম সন্দেহজনক ডেংগিৰ বিষয়ে জিন সাম্ৰাজ্যৰ সময়ত (২৫৫-৪২০ খ্ৰীষ্টাব্দ) এই ৰোগক "পানী বিহ" বুলি অভিহিত কৰিছিল। ১৭৭৯ চনত ডেংগি নামকৰণৰ পিছৰে পৰা মহামাৰী ৰূপত এচিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাত ১৭৮০ চনত সমসাময়িকভাৱে বিস্তাৰিত হৈছিল। গাঁঠি আৰু মাংসপেশীৰ বিষ অনুভৱ কৰালৈ লক্ষ্য কৰি এনে ৰোগক বিজ্ঞানী বেঞ্জামিন ৰুচে "ব্ৰেকব'ন ফিভাৰ" বুলি নামাংকন কৰিছিল। ১৯৫৫-৭০ৰ সময়ছোৱাত গোটেই বিশ্বত মাত্ৰ ৯খন দেশহে আক্ৰান্ত হৈছিল, কিন্তু ১৯৭০ ৰ পৰা ১৯৯৩ চনলৈ এই ৰোগ বিশ্বৰ ৩৭খন দেশলৈ বিস্তাৰিত হয়। ১৭৭৯ চনত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰথম বিৱৰণ পোৱা যায়।[10] উত্তৰ-পূৰ্বাঞ্চলত ডেংগি ৰোগৰ প্ৰভাৱ ১৯৯২ চনৰ পৰা হোৱা পৰিলক্ষিত হৈছে।[13] বিংশ শতিকাৰ আৰম্ভণিত ইয়াৰ ভাইৰেল কাৰক আৰু বিয়পাৰ কাৰণ বুজা গৈছিল।[14] মহ আঁতৰোৱাৰ লগতে প্ৰত্যক্ষভাৱে ভাইৰাছ নিঃশেষ কৰা ঔষধৰ বিষয়ে গৱেষণা চলি আছে।[15] ইয়াক অৱহেলিত ক্ৰান্তীয় ৰোগ (neglected tropical disease) হিচাপেও শ্ৰেণীবদ্ধ কৰা হয়।[16]