ডফলা
From Wikipedia, the free encyclopedia
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন জাতি-জনজাতিৰ লোকে একেলগে বসবাস কৰা পৰিলক্ষিত হয়।তাৰ ভিতৰত অৰুণাচল প্ৰদেশত বসবাস কৰা নিচি বা ডফলাসকল অন্যতম । আগতে ভৈয়ামৰ লোকসকলে তেওঁলোকক ডফলা বুলিছিল যদিও বৰ্তমান তেওঁলোকে নিচি বুলিহে নিজৰ পৰিচয় দিয়ে। তেওঁলোকে যুগ যুগ ধৰি নদী আৰু পাহাৰেৰে ভৰা দেশত নিজৰ কৃষ্টিৰ মাজত সমাজ-সংস্কৃতি,ধন-মান,যশ লৈ কাৰ্য কৰি ওচৰৰ পাহাৰী জাতিবোৰৰ লগত চলি আহিছে। নিচিসকলৰ দেশখনৰ জলবায়ু সুন্দৰ। শীতকালত বৰফ আৰু বসন্ত কালত হিমালয়ৰ বতৰে ইয়াক এখন মনোমোহা স্বৰ্গ যেন কৰি তোলে। ঝুম খেতিৰে ভৰা সৰু ডাঙৰ টিলাবোৰ। সৰল, অ'ক, বনৰীয়া কল ইত্যাদি বিভিন্ন গছেৰে ভৰা প্ৰায় ছ'হেজাৰ ফুট ওখলৈকে বা ওপৰলৈকে তলৰপৰা দেখা পোৱা যায়। এই পাহাৰবোৰত নানান ধৰণৰ মূল্যবান গছ, বেত, বাঁহ প্ৰচুৰ পৰিমাণে আছে। তদুপৰি বনৰীয়া জন্তু আৰু নানা ধৰণৰ চিন-অচিনা চৰাইৰে ভৰা।
এই প্ৰবন্ধটো নিচি জনগোষ্ঠী নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|