জেছি অ'ৱেন্স
From Wikipedia, the free encyclopedia
জেম্ছ ক্লিভেলণ্ড ‘জেছি’ অ’ৱেন্স (ইংৰাজী: James Cleveland "Jesse" Owens) (১২ ছেপ্টেম্বৰ, ১৯১৩ – ৩১ মাৰ্চ, ১৯৮০) এগৰাকী আমেৰিকান ট্ৰেক এণ্ড ফিল্ড এথলিট আৰু চাৰিটা সোণৰ পদক বিজয়ী অলিম্পিয়ান। অ’ৱেন্সে মূলতে দৌৰ আৰু লং জাম্প খেলত ভাগ লৈছিল আৰু তেখেতক ‘সম্ভৱত: ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ আটাইতকৈ মহান আৰু খ্যাতিমান এথলিট’ আখ্যা দিয়া হয়।[2] ১৯৩৫ চনত তেখেতে ‘বিগ টেন ইভেণ্ট’-ত এঘণ্টাতকৈ কম সময়ৰ ভিতৰতে তিনিটা বেলেগ বেলেগ খেলত বিশ্ব ৰেকৰ্ড কৰাৰ ঘটনাটোক ‘খেলজগতৰ শ্ৰেষ্ঠতম ৪৫ মিনিট’ বুলি কোৱা হয়।[3] এনে কীৰ্তিমান পাছলৈ কোনেও লভিবলৈ সক্ষম হোৱা নাই। ১৯৩৬ চনত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিক খেলত অ’ৱেন্সে চাৰিটা সোণৰ পদক লাভ কৰিছিল। খেলসমূহ আছিল ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, লং জাম্প আৰু ৪x১০০ মিটাৰ দৌৰ। এই অলিম্পিকত তেখেত আছিল অত্যন্ত সফল খেলুৱৈ আৰু তেখেতে হিটলাৰে বিশ্বাস কৰা 'আৰ্য্য উচ্চাত্মিকাবাদ'ত তীব্ৰ আঘাত হানিছিল।[4]
জেছি অ’ৱেন্স | ||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
১৯৩৬ চনৰ অলিম্পিকত জেছি অ'ৱেন্স | ||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||
সম্পূৰ্ণ নাম | জেম্ছ ক্লিভেলণ্ড অ’ৱেন্স | |||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | আমেৰিকান | |||||||||||||||||||||
জন্ম | ১২ ছেপ্টেম্বৰ, ১৯১৩ অক’ভিল্লে, আলবামা, ইউ এচ | |||||||||||||||||||||
মৃত্যু | ৩১ মাৰ্চ, ১৯৮০ (৬৬ বছৰ) টুষ্কন, আৰিজানা, ইউ এচ | |||||||||||||||||||||
উচ্চতা | 5 ফুট সাঁচ:Convert/and/fra1 ইঞ্চি (180 cm)[1] | |||||||||||||||||||||
ওজন | 165 পাউণ্ড (৭৫ কেজি) | |||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||
ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড | |||||||||||||||||||||
শিতান | স্প্ৰিণ্ট, লং জাম্প | |||||||||||||||||||||
পদক অভিলেখ
|
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেক এণ্ড ফিল্ড শিতানৰ সৰ্ব্বোচ্চ সন্মানক তেখেতৰ নামেৰে জেছি অ’ৱেন্স পুৰস্কাৰ বোলা হয়। ESPN চেনেলৰ দ্বাৰা প্ৰচাৰিত এক অনুষ্ঠানত তেখেতক বিংশ শতিকাৰ উত্তৰ আমেৰিকাৰ ষষ্ঠতম শীৰ্ষ খেলুৱৈ হিচাপে স্থান দিয়া হৈছে। এথলেটিক্ছত তেখেতৰ স্থান আছিল শীৰ্ষত।[5]