চি এছ এছ
কাচকেডিং ষ্টাইল চীটচ্ / From Wikipedia, the free encyclopedia
কাচকেডিং ষ্টাইল চীটচ্ (ইংৰাজী: Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[1] এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।[2]
ক্ষিপ্ৰ তথ্য ফাইলনেইম এক্সটেনছন, Internet media type ...
ফাইলনেইম এক্সটেনছন |
.css |
---|---|
Internet media type |
text/css |
ইউনিফৰ্ম টাইপ আইডেণ্টিফায়াৰ (UTI) | public.css |
বিকাশকৰ্তা | World Wide Web Consortium (W3C) |
প্ৰাৰম্ভিক মুকলি | ১৭ ডিচেম্বৰ ১৯৯৬; ২৭ বছৰ আগত (1996-12-17) |
শেহতীয়া মুকলি | CSS 2.1 : Level 2 Revision 1 (১২ এপ্ৰিল ২০১৬; ৭ বছৰ আগত (2016-04-12)) |
ফৰমেটৰ প্ৰকাৰ | ষ্টাইল চীটচ্ লেংগুৱেজ |
Container for | Style rules for HTML elements (tags) |
Contained by | এইচ টি এম এল ডকুমেণ্ট |
Open format? | হয় |
ৱেবছাইট | www |
বন্ধ কৰক
চি এছ এছক এনেধৰণে তৈয়াৰ কৰিছে, যাতে ৱেবৰ মূল বিষয়বস্তুৰ পৰা বিন্যাস, ৰং, ফণ্ট ইত্যাদি পৃথকভাৱে নিৰ্ধাৰণ কৰিব পাৰি।[3] এই পৃথককৰণে ৱেব ডেভলপাৰক বহুতো সুবিধা প্ৰদান কৰি আহিছে। কাৰণ বহুতো ৱেবপেজৰ বিন্যাস, ৰং ইত্যাদি পৃথক .css
ফাইলৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। ইয়ে জটিলতা কমাই দিয়ে লগতে ইয়াত একেটা বিষয়ক পুনৰাবৃত্তি কৰিবলগীয়া নহয়৷
চি এছ এছ ব্যৱহাৰ কৰি একেখন মাৰ্কআপ পেজক বিভিন্ন ডিভাইচ আৰু ব্ৰাউজাৰত বিভিন্নভাৱে উপস্থাপন কৰিব পাৰি।