চিজাৰিয়ান ছেক্সন
From Wikipedia, the free encyclopedia
চিজাৰিয়ান ছেক্সন (ইংৰাজী: Caesarean section) হৈছে এক শল্য চিকিৎসা পদ্ধতি যাৰ সহায়ত এক বা একাধিক শিশুক মাকৰ গৰ্ভৰ পৰা এক ছেদনৰ দ্বাৰা প্ৰসৱ কৰোৱা হয়। চিজাৰিয়ান ছেক্সনক চি-ছেক্সন (C-section) বা চিজাৰিয়ান প্ৰসৱ (Caesarean delivery) বুলিও কোৱা হয়। কিছুমান ক্ষেত্ৰত যোনিয় প্ৰসৱত সন্তান আৰু মাক দুয়োৰে ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায় আৰু এনেকুৱা পৰিস্থিতিতেই চিকিৎসকে সাধাৰণতে চিজাৰিয়ান ছেক্সন পদ্ধতিটো সম্পন্ন কৰে।[2] চি-ছেক্সন কৰিবলগীয়া হোৱা কাৰণবোৰ হৈছে বাধাপ্ৰাপ্ত প্ৰসৱ, যমজ গৰ্ভধাৰণ, মাকৰ উচ্চ ৰক্তচাপ, ব্ৰীচ জন্ম (প্ৰসৱৰ সময়ত মূৰৰ পৰিৱৰ্তে শৰীৰৰ নিম্নাংশ প্ৰথমে ওলোৱা), আৰু জননফুল বা নাভিৰজ্জুৰ সমস্যা।[2][3] মাকৰ শ্ৰোণিৰ আকৃতি আৰু পূৰ্বৱৰ্তী চি-ছেক্সনৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি চিজাৰিয়ান প্ৰসৱ সম্পন্ন কৰিব পৰা যায়।[2][3] কিছুসংখ্যক মহিলাই পূৰ্বতে চি-ছেক্সন প্ৰসৱৰ দ্বাৰা সন্তান জন্ম দিয়ে যদিও পৰৱৰ্তী সন্তানটো যোনিয় প্ৰসৱৰ দ্বাৰা জন্ম দিব খোজে। চি-চেক্সনৰ পিছত যোনিয় প্ৰসৱৰ (VBAC) দ্বাৰা সন্তান জন্ম দিব খোজাৰ কাৰণ এয়েই যে কিছুমানে অস্ত্ৰোপচাৰৰ বিপদাশংকা আৰু দীঘলীয়া আৰোগ্য পৰিহাৰ কৰিব বিচাৰে। আৰু আন কিছুমানে যোনিয় প্ৰসৱৰ অভিজ্ঞতা ল'ব বিচাৰে।[2] বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা নীতিমতে চিজাৰিয়ান ছেক্সন কেৱল চিকিৎসাগতভাৱে প্ৰয়োজন হ'লেহে সম্পন্ন কৰিব লাগে।[3][4] কিন্তু কিছুমান চি-ছেক্সন চিকিৎসাজনিত কাৰণ অবিহনেও সম্পন্ন কৰা হয়।[2]
চিজাৰিয়ান ছেক্সন | |
---|---|
চিজাৰিয়ান ছেক্সন সম্পাদন কৰি থকা অৱস্থাত চিকিৎসকৰ এটা চাৰিজনীয়া দল[1] | |
অন্য নাম | চি-ছেক্সন, চিজাৰিয়ান প্ৰসৱ |
বিশেষত্ব | প্ৰসূতিবিদ্যা, স্ত্ৰীৰোগ বিজ্ঞান, শল্য চিকিৎসা, নিঅ'নেট'লজি, শিশুৰোগ বিজ্ঞান, ফেমিলি মেডিচিন |
ICD-10-PCS | 10D00Z0 |
ICD-9-CM | 74 |
MeSH | D002585 |
MedlinePlus | 002911 |
এটা চি-ছেক্সন সম্পন্ন কৰিবলৈ সাধাৰণতে ৪৫ মিনিটৰ পৰা এক ঘণ্টা সময় লাগে।[2] এয়া স্পাইনেল এনেছথিজিয়া য'ত সাধাৰণতে মহিলাজনী সাৰে থাকে বা সাধাৰণ এনেছথিজিয়াৰ অধীনত সম্পন্ন কৰা হয়।[2] অস্ত্ৰোপচাৰ আৰম্ভ কৰাৰ আগত মাকৰ মূত্ৰাশয় নিষ্কাশন কৰিবলৈ প্ৰস্ৰাৱৰ কেথেটাৰ এটা ব্যৱহাৰ কৰা হয়, আৰু তাৰ পিছত এণ্টিচেপ্টিকেৰে পেটৰ ছাল পৰিষ্কাৰ কৰা হয়।[2] তাৰ পাছত মাকৰ পেটত প্ৰায় ১৫ চেণ্টিমিটাৰৰ (৬ ইঞ্চি) এক ছেদন কৰা হয়। সাধাৰণতে পেটৰ নিম্নাংশত এই ছেদন কৰা হয়।[2] তাৰ পাছত আন এক ছেদনৰ সহায়ত জৰায়ু খুলি সন্তান প্ৰসৱ কৰোৱা হয়।[2] সন্তানৰ প্ৰসৱ সম্পূৰ্ণ হোৱাৰ পাছত ছেদনবোৰ চিলাই কৰি বন্ধ কৰি দিয়া হয়।[2] অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই অহাৰ পাছৰে পৰাই সাধাৰণতে মাকে শিশুক স্তন্যপান কৰাবলৈ আৰম্ভ কৰিব পাৰে।[5] মাক অস্ত্ৰোপচাৰৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱালৈ চিকিৎসালয়তে থাকিবলগীয়া হয়। মাক আৰু শিশু দুয়োৰে স্বাস্থ্য স্বাভাৱিক অৱস্থালৈ অহাৰ পাছতহে তেওঁলোকক ঘৰলৈ পঠিওৱা হয়।[2]
চি-ছেক্সনৰ ফলত নিম্ন-বিপদাশংকা থকা গৰ্ভধাৰণত দুৰ্বল ফলাফলৰ পৰিমাণ কিছু বৃদ্ধি পায়।[3] চি-ছেক্সনৰ পৰা আৰোগ্য হ'বলৈ প্ৰায় ৬ সপ্তাহ সময় লয়। ই যোনিয় প্ৰসৱৰ পৰা আৰোগ্য হ'বলৈ লগা সময়তকৈও অধিক।[2] শিশুৰ উশাহ-নিশাহৰ সমস্যা, এম্নিঅ'টিক ফ্লুইড এম্বোলিজম আৰু মাকৰ প্ৰসৱোত্তৰ ৰক্তক্ষৰণ হৈছে বৰ্ধিত বিপদাশংকাসমূহৰ ভিতৰত অন্যতম।[3] প্ৰতিষ্ঠিত নিৰ্দেশনাৱলীমতে কোনো চিকিৎসাজনিত কাৰণ অবিহনে গৰ্ভধাৰণৰ ৩৯ সপ্তাহৰ আগত চিজাৰিয়ান ছেক্সন ব্যৱহাৰ কৰিব নালাগে।[6] চি-ছেক্সন পদ্ধতিটোৱে পৰৱৰ্তী যৌন সম্ভোগত কোনোধৰণৰ প্ৰভাৱ পেলোৱা দেখা নাযায়।[7]