ঘুমৰ
From Wikipedia, the free encyclopedia
ঘুমৰ বা ঘুমাৰ (ইংৰাজী: Ghoomar) ৰাজস্থানৰ এটা পৰম্পৰাগত লোক নৃত্য। ভীল জনগোষ্ঠীয় লোকসকলে ইয়াক সৰস্বতী দেৱীৰ পূজাত প্ৰচলন কৰিছিল যিটো পিছলৈ আন আন ৰাজস্থানী জনগোষ্ঠীয়েও আকোৱালি লৈছিল৷[1] এই নৃত্যটো মূলতঃ ভীল জাতিৰ মহিলাসকলে পৰিৱেশন কৰে৷ নৃত্যৰ সময়ত তেওঁলোকে মূৰত দীঘল ওৰণী লয় আৰু ঘাগৰা পৰিধান কৰে৷ [2] এই নৃত্যত সাধাৰণতে এটা বহল বৃত্তৰ ভিতৰলৈ আৰু বাহিৰলৈ যোৱাৰ সময়ত নৃত্য পৰিৱেশনকাৰীসকলে বেলে নাচৰ দৰে এখন ভৰিত ভৰ দি ঘূৰি ঘূৰি প্ৰৱেশ কৰে। ’ঘূৰি’ শব্দৰ হিন্দী প্ৰতিশব্দ “ঘুমনা’’৷ শব্দটোৱে নৃত্যশিল্পীসকলৰ ঘূৰ্ণীবতাহৰ দৰে গতিৰ বৰ্ণনা কৰে আৰু ইয়ে “ঘুমৰ’’ শব্দৰ মূল উৎস৷[3] পৰম্পৰাগত ৰীতি-নীতি অনুসৰি নৱবিবাহিত কইনাক নতুন বৈবাহিক ঘৰলৈ আদৰণি জনোৱাৰ লগে লগে কইনাই ঘুমৰ নাচিব বুলি আশা কৰা হয়।.[4] ঘুমৰ নৃত্য প্ৰায়ে বিশেষ অনুষ্ঠানত, যেনে বিয়া, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত পৰিৱেশন কৰা হয়৷ [5] ঘুমৰ নৃত্য কেইবাঘণ্টা ধৰি পৰিৱেশন কৰা হয়৷
এই প্ৰবন্ধটো ঘুমৰ নৃত্য নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
ঘুমৰ লোক নৃত্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে সত্ৰমপুৰৰ মহাৰাণী ৰাজমাতা গোভৰ্ধন কুমাৰীয়ে ১৯৮৬ চনত “গংগাউৰ ঘুমৰ নৃত্য একাডেমী’’ প্ৰতিষ্ঠা কৰিছিল৷[6][7] ভাৰত চৰকাৰে তেওঁক কলাৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে, ২০০৭ চনত৷[8] যি ঘুমৰ নৃত্য ভীল জাতিয়ে সৰস্বতী বন্দনাৰ বাবে পৰিৱেশন কৰিছিল, পাছলৈ সমগ্ৰ ৰাজস্থানী লোকে ইয়াক আঁকোৱালি লৈছিল আৰু সমগ্ৰ জাতিটোৰ ই পৰম্পৰাগত নৃত্য হৈ পৰিছিল৷
ভীলসকল সেই সময়ত এক শক্তিশালী সম্প্ৰদায় আছিল আৰু ৰাজপুত ৰজাৰ সৈতে অহৰহ যুদ্ধত লাগিছিল। বহু যুঁজৰ পিছত দুয়ো সম্প্ৰদায়ৰ মাজত শান্তি গঢ় লৈ উঠিল আৰু তেওঁলোকে ইজাতিয়ে সিজাতিৰ লগত আদান-প্ৰদান কৰিবলৈ আৰম্ভ ধৰিলে। ৰাজপুতনাত ঘুমৰ পৰিৱেশন কৰিছিল স্থানীয় সাধাৰণ শ্ৰেণীৰ মহিলাসকলে, পিছলৈ ৰাজপুত অভিজাত মহিলাসকলেও এই নৃত্যত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। এই নৃত্য পৰিৱেশনত অংশ ল’বলৈ পুৰুষক অনুমতি দিয়া হোৱা নাছিল। ই আছিল সম্পূৰ্ণ মহিলাকেন্দ্ৰিক৷ ৰাজপুত ৰজাৰ ৰাজত্বকালত ভাৰতৰ ৰাজস্থান ৰাজ্যত ঘুমৰ জনপ্ৰিয় হৈ পৰিছিল৷ মহিলাসকলে প্ৰায়েই শুভ অনুষ্ঠানবোৰত এই নৃত্য পৰিৱেশন কৰিবলৈ ধৰে৷[9]
পৰম্পৰাগত নৃত্য হিচাপে ঘুমৰত প্ৰায়ে “গৰ্বাণ্ড’’, “পড়িনা’’, “ৰুমাল’’ আৰু “মৰ বলে ৰে’’ আদি পৰম্পৰাগত গীত অন্তৰ্ভুক্ত কৰা হয়। গীতবোৰ ৰাজকীয় কিংবদন্তি বা তেওঁলোকৰ পৰম্পৰাৰ বিষয়ে বৰ্ণিত গীতো হ’ব পাৰে৷